Daily Time Axom

দিপাৱলীৰ দিনা কৰক এই সমূহ কাম;মা লক্ষ্মীৰ আগমন হ’ব

0 30

দিপাৱলী বছৰটোৰ এনে এক উৎসৱ, যি উৎসৱলৈ কম বেছি পৰিমাণে প্ৰত্যেক জন মানুহে আশাৰে বাট চাই থাকে।কেৱল হিন্দু ধৰ্মৰ লোকেই নহয় আমাৰ ভাৰতবৰ্ষতে বসবাস কৰা সকলো ধৰ্মৰ লোকৰ বাবে ই এক আনন্দমুখৰ পৰিৱেশ। ই এক পৱিত্ৰ উৎসৱ বুলি গন্য কৰা হয়।আমি সকলোৱে জানো যে ১৪বছৰ বনবাসৰ পাছত প্ৰভূ ৰামচন্দ্ৰ যেতিয়া অযোধ্যালৈ উভতি আহিছিল, সেই সময়ত অযোধ্যা বাসীয়ে গোটেই নগৰখন চাফা চিকুণ কৰি প্ৰভূ ৰামচন্দ্ৰক আদৰিবলৈ অমাৱশ্যাৰ নিশা বন্তি জ্বলাইছিল। ৰামচন্দ্ৰক অযোধ্যালৈ স্বাগতম জনাবলৈ। তেতিয়া পৰা আমাৰ শাস্ত্ৰত বিধিত আছে, এই পৱিত্ৰ দিনটি দিপাৱলী হিচাপে গণ্য কৰা হয়। দিপাৱলীৰ পৱিত্ৰ দিনটোতে লক্ষ্মী মাতাৰ দিন হয়। এই দিনা লক্ষ্মী মাৰ পূজা কৰা হয়।শাস্ত্ৰৰ মতে এনে কিছুমান নিয়ম আছে যি নিয়ম দিপাৱলীৰ সময়ত কৰিলে অথৱা মানিলে মা লক্ষ্মী সন্তস্ত হয় বুলি কোৱা হয়।

১.দিপাৱলীৰ আগে আপুনি ঘৰখন চফা চিকুণ কৰি লওঁক। দিপাৱলীত প্ৰত্যেকৰে ঘৰত লক্ষ্মী মাৰ আগমন হয়। ধন সম্পত্তিৰ অধিষ্ঠাত্রী দেৱী হৈছে লক্ষ্মী মা।

২.দিপাৱলীৰ সময়চোৱাত ঘৰত ঝাড়ু নিদিব।
৩. কলা ৰংৰ কাপোৰ, কলা ৰংৰ খোৱা বস্তু, মাটি দালি, যি কোনো খোৱা কলা ৰংৰ বস্তু নাখাব আৰু নিপিন্ধিব। কলা ৰঙে লক্ষ্মী অহাৰ পৰা বিৰত ৰাখিব।
৪. এই তিনি দিনত আপুনি ঘৰত কেচি বেজি ব্যৱহাৰ নকৰিব।
৫. দিপাৱলী দিনা আপুনি ঘৰৰ মৃতকৰ পৰা আৰ্শীবাদ লবলৈ নাপাহৰিব।
৬. ঘৰৰ মুখ্য চাকি জ্বলোৱাৰ পাছত হে অন্য চাকি জ্বলাব।

Leave A Reply

Your email address will not be published.