এগৰাকী প্ৰতিভাৱান যাদুকৰ। নাম সুস্মিতা তালুকদাৰ। নিজৰ যাদুৰে ইতিমধ্যে মানুহৰ মন জয় কৰিবলৈ সক্ষম হৈছে সুস্মিতাই। হাজাৰ হাজাৰ দৰ্শকক যাদুৰে মোহাচ্ছন্ন কৰিব পাৰে সুস্মিতাই। বিগত ১০ বছৰ ধৰি নিজৰ দুহাতৰ যাদু দেখুৱাই মানুহৰ অফুৰন্ত মৰম বুটলিবলৈ সক্ষম হৈছে। কিন্ত এতিয়া সুস্মিতাক এতিয়া প্ৰয়োজন আপোনাৰ অকমান সহায়ৰ । কিয়নো দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈছে যাদুশিল্পী সুস্মিতা।শেহতীয়াকৈ সুস্মিতাই ছচিয়েল মিডিয়াত এটা ভিডিঅ’ আপলোড কৰি জনাইছে নিজৰ জীৱনৰ এক দুঃখবৰ। আপোনাৰ–মোৰ অকণমান সহায়ে হয়তো সুস্মিতাক দিব এক নতুন জীৱন। ভিডিঅ’টোত জনোৱা অনুসৰি, কৰ্কট ৰোগত আক্ৰন্ত হৈছে সুস্মিতা। যাৰ বাবে ইতিমধ্যে চিকিৎসা চলাই আছে। ইতিমধ্যে এটা অস্ত্ৰোপচাৰ সম্পন্ন হৈছে আৰু দ্বিতীয়টোৰ বাবে সাজু হৈছে। কিন্তু তৃতীয়টো অস্ত্ৰোপচাৰৰ বাবে সুস্মিতাক প্ৰয়োজন হ’ব বৃহৎ পৰিমাণৰ ধনৰাশিৰ।উপায়ন্তৰ হৈ হাঁহিমুখীয়া ছোৱালীজনীয়ে বিচাৰিছে অকণমান সহায়। সকলোৱে সাধ্য অনুসৰি যদি সুস্মিতাক অকণমান সহায় আগবঢ়ায়, সুস্মিতাই নিজৰ চিকিৎসা সুকলমে চলাই নিব পাৰিব। আপোনাৰ অকণমান সহায় সুস্মিতাৰ মুখলৈ হাঁহি ঘূৰাই আনিবলৈ সক্ষম হ’ব, সুস্মিতাই এক নতুন জীৱন লাভ কৰিব। তৃতীয়টো অস্ত্ৰোপচাৰৰ বাবে সুস্মিতাক প্ৰয়োজন হ’ব প্ৰায় ৩০ লাখ টকা। আহক সকলোৱে পাৰ্যমানে সুস্মিতাক সহায় কৰো।
SUSMITA TALUKDAR
STATE BANK OF INDIA
BELTOLA BRANCH
A/C NO. 38368514020
IFSC : SBIN0004419