Daily Time Axom

পাপ কৰিছে নেকি? মাত্ৰ ১২ টকাত পাব ‘পাপ মুক্তিৰ প্ৰমাণ পত্ৰ’

0 44

এটা নাভুত-নাশ্ৰুত মন্দিৰ।যিটো মন্দিৰে ভক্তত প্ৰদান কৰি আহিছে পাপৰ পৰা মুক্ত হোৱা প্ৰমাণ পত্ৰ।শুনিবলে আচৰিত যেন লাগিলেও এইয়া সচা। পাপৰ পৰা মুক্তি লাভ কৰি মংগলৰ আশাত বহু ভক্তই মন্দিৰত পূজা কৰাৰ লগতে পবিত্ৰ নদী বা জলাশয়ত স্নান কৰে। এইদৰে স্নান কৰিলে পাপ নাশ হয় বুলি বিশ্বাস কৰে হিন্দু ভক্তসকলে।ৰাজস্থানৰ এটা মন্দিৰে এতিয়া স্নান কৰি পাপমুক্ত হোৱা পৰম্পৰাক কেৱল বিশ্বাসতেই আবদ্ধ কৰি থোৱা নাই। এই মন্দিৰে ‘ক্ষমা’ৰ প্ৰমাণ পত্ৰ দিবলৈ আৰম্ভ কৰিছে। মাত্ৰ ১২ টকা খৰচ কৰি সেই মন্দিৰৰ পৰা এই পাপ নাশৰ প্ৰমাণ পত্ৰ লাভ কৰিব পাৰিব।এই মন্দিৰৰ নাম হৈছে গৌতমেশ্বৰ মহাদেৱ পাপমোচনা তীৰ্থ। এই মন্দিৰ ৰাজস্থানৰ প্ৰতাপগড়ত অৱস্থিত।যুগ যুগ ধৰি ই পবিত্ৰ তীৰ্থস্থান হিচাপে জনপ্ৰিয় হৈ আহিছে।এই মন্দিৰৰ ভিতৰত আছে এটা পানীৰ টেংকি। এই টেংকিত স্নান কৰিলে পুণ্য লাভ হয় আৰু সকলো পাপ ধুই নিকা হোৱা বুলি বিশ্বাস কৰা হয়। ইয়াত মাত্ৰ ১২ টকা জমা কৰি টেংকিটোত গা ধুই পাপৰ ক্ষমা পত্ৰ লাভ কৰিব পাৰি।নন্দকিশোৰ শৰ্মা নামৰ মন্দিৰৰ এজন পুৰোহিতে কয়, “গাঁওবাসী আৰু কাষৰীয়া অঞ্চলৰ বাসিন্দাসকলে এই মন্দিৰলৈ আহে নিজৰ পাপ মোচন কৰাৰ বাবে।মনত পাপৰ অনুভূতি জাগ্ৰত হ’লে ভক্তসকল ইয়ালৈ আহে। খেতিৰ সময়ত বহু জীৱ-জন্তু অনিচ্ছাকৃতভাৱে হত্যা কৰা হয়। পোক-পৰুৱা মাৰি পেলোৱাৰ দৰে কামবোৰ কৰিও বহুতে নিজকে দোষী অনুভৱ কৰে। বহুতে সেইটোৰ পৰা মুক্তি পাবলৈ আৰু প্ৰমাণ পত্ৰ লাভ কৰিবলৈ ইয়ালৈ আহে।”গৌতমেশ্বৰ মন্দিৰৰ ‘মন্দাকিনি পাপ মোচিনি গংগা কুণ্ড’ত মানুহৰ পাপ ধোৱাই পাপৰ পৰা মুক্ত কৰা হয়। মন্দিৰ কৰ্তৃপক্ষই কয় যে দেশৰ স্বাধীনতাৰ পৰাই ইয়াত এই প্ৰথা চলি আহিছে। কিন্তু কেৱল পাপৰ মুক্তিৰ বাবেই নহয়, এই শিৱ মন্দিৰত প্ৰতি বছৰে হাজাৰ হাজাৰ ভক্তই পূজা কৰিবলৈ ভিৰ কৰে।

Leave A Reply

Your email address will not be published.