অনিচ্ছা সত্ত্বেও কিয় ব’ল্ড ছবি পোষ্ট কৰিলে ছাৰাই

৯৬ কেজিৰ পৰা ওজন কমাই নিশাটোৰ ভিতৰতে অনুৰাগীৰ বাবে প্ৰেৰণা হিচাপে পৰিগণিত হোৱা অভিনেত্ৰী ছাৰা আলী খান। ইয়াৰ প্ৰমান ছাৰাই সুশান্ত সিং ৰাজপুতৰ সৈতে কৰা তেওঁৰ প্ৰথম ছবি “কেদাৰনাথ”। সেই সময়ত পিচিঅ’ডিৰ বাবে ওজন কমাবলৈ বহু সংগ্ৰামৰ সন্মুখীন হোৱা বুলিও তেওঁ কয়। কলেজত পঢ়ি থকাৰ সময়ত তেওঁৰ ওজন আছিল ৯৬ কেজি। পিতৃ-মাতৃৰ দৰেই তেওঁ অভিনয়ক পেছা হিচাপে ল’ব বিচাৰিছিল। গতিকে ডেৰ বছৰৰ ভিতৰতে তেওঁ অতিৰিক্ত চৰ্বি কমায়। কিন্তু শেহতীয়াকৈ তেওঁ জিমৰ কাপোৰ পিন্ধি এখন ছবি পোষ্ট কৰিছে। য’ত তেওঁক পেটৰ অতিৰিক্ত চৰ্বিৰ বাবে লাজত পৰা যেন লাগে। তেওঁ ইয়াৰ কেপচনত লিখিছে, “”চিত্ৰখন আপলোড কৰিবলৈ বৰ অস্বস্তি অনুভৱ কৰিছো। কিন্তু মই সঁচাকৈয়ে গৌৰৱান্বিত যে মই ২ সপ্তাহত পেটৰ অতিৰিক্ত চৰ্বিৰ পৰা মুক্তি পালোঁ। ওজনৰ সমস্যা মোৰ বাবে সদায় এক সংগ্ৰাম হৈ আহিছে।”
প্ৰথম ছবিখনত তাই পেটত হাত থৈ যোগাসনৰ মেট এখনত হতাশ হৈ বহি আছে। আৰু দ্বিতীয়খন ছবিত ছাৰাৰ ৰূপটো জিলিকি আছে। দৰাচলতে মনীষ মালহোত্ৰাৰ দীপাৱলী অনুষ্ঠানত গোলাপী ৰঙৰ লেহেংগা পিন্ধিছিল।
ফিটনেছ হৈছে এক যাত্ৰা। যিটো চলি আছে। সেই যাত্ৰাত তেওঁ সফল হৈছে। গতিকে তেওঁ নিজক লৈ গৌৰৱ কৰে।

AssamDaily time axomGuwahatiIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment