Daily Time Axom

উত্তৰ-পূৱৰ জোঁৱাই হ’ব বলিউদ অভিনেতা ৰনদীপ হুডা!

0 41

বলীউডৰ জনপ্ৰিয় অভিনেতা ৰনদীপ হুডা আৰু প্ৰেমিকা অভিনেত্ৰী লিন লেইচৰাম শীঘ্ৰেই বিবাহপাশত আৱদ্ধ হ’বলৈ সাজু হৈছে।নৱেম্বৰ মাহৰ শেষৰ ফালে এক অন্তৰংগ অনুষ্ঠানত দুয়ো বিবাহ পাশত আৱদ্ধ হ’ব। য’ত কেৱল তেওঁলোকৰ ঘনিষ্ঠ বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ লোক উপস্থিত থাকিব বুলি জানিব পৰা গৈছে। ৪৭ বছৰীয়া ৰণদীপ আৰু ৩৭ বছৰীয়া লিনে কেতিয়াও মুকলিকৈ তেওঁলোকৰ সম্পৰ্কৰ কথা কোৱা নাই যদিও তেওঁলোকৰ শেহতীয়া ইনষ্টাগ্ৰাম পোষ্টে যেন তেওঁলোকৰ সম্পৰ্ক নিশ্চিত কৰিছে।২০২১ চনৰ লিনৰ জন্মদিনত প্ৰথমবাৰৰ বাবে ৰনদীপে তেওঁলোকৰ সম্পৰ্কৰ ইংগিত দিছিল। পিছত ২০২২ চনত তেওঁ এখন ছবি পোষ্ট কৰিছিল য’ত তেওঁলোকে দীপাৱলীৰ সময়ত পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰিছিল। তাৰ পিছৰে পৰা দুয়োজনে প্ৰায়ে ছ’চিয়েল মিডিয়াত ইজনে সিজনৰ ফটো শ্বেয়াৰ কৰি আহিছে। লিনে জুলাই মাহত পঞ্জাৱত বান সাহায্য আৰু মণিপুৰৰ সংঘাত সাহায্যৰ জৰিয়তে ৰনদীপক সহায় কৰিছিল। লিন লেইচৰাম মণিপুৰৰ জীয়ৰী। তেওঁ এগৰাকী অভিনেত্ৰী, মডেল আৰু ব্যৱসায়ী। লিনে প্ৰিয়ংকা চোপ্ৰাৰ ‘মেৰী কম’ ছবিৰে বলীউডৰ অভিনয় জগতত খোজ দিছিল।শেহতীয়াকৈ লিনে ‘জানে জান’ বলীউড ছবিত অভিনয় কৰিছিল। ইয়াৰোপৰিও লিনে ‘আখনে’, ‘মডাৰ্ন লাভ: মুম্বাই’, ‘ৰংগুণ’ আৰু ‘মটৰু কি বিজলী কা মনড’লা’ ছবিত অভিনয় কৰিছে।

Leave A Reply

Your email address will not be published.