Daily Time Axom

চিকিৎসালয়ত থকা ফটো শ্বেয়াৰ মাৰ্ক জুকাৰবাৰ্গৰ

0 42

আঁঠুৰ বিষত চিকিৎসালয়ত ভৰ্তি হৈছে ফেচবুক (মেটা)ৰ প্ৰতিষ্ঠাপক মাৰ্ক জুকাৰবাৰ্গ। মাৰ্কে নিজেই ইনষ্টাগ্ৰামত পোষ্ট কৰি নিজৰ অনুৰাগীৰ সৈতে এই তথ্য শ্বেয়াৰ কৰিছে। তেওঁৰ সফল অস্ত্ৰোপচাৰৰ বাবে চিকিৎসালয়ৰ কৰ্মচাৰী আৰু চিকিৎসকৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছে। তেওঁ কয় যে তেওঁ ভালেই আছে আৰু সোনকালে ঘৰত উপস্থিত হ’ব।

মাৰ্শ্বেল আৰ্টছৰ অনুশীলন কৰি থকাৰ সময়তে আঁঠুৰ আঘাত পাইছিল মাৰ্ক জুকাৰবাৰ্গে।
তেওঁ ছবিখন ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি কয় যে মোৰ এচিএল টেণ্ডন ফাটি গৈছে, মাত্ৰ সলনি কৰিবলৈ মোৰ অস্ত্ৰোপচাৰ হৈছে। মোৰ যত্ন লোৱা চিকিৎসক আৰু দলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। অহা বছৰৰ আৰম্ভণিতে এম এম এ ফাইটৰ বাবে প্ৰশিক্ষণ লৈ আছিলো, কিন্তু এতিয়া অলপ পলম হৈছে। এতিয়া সুস্থ হোৱালৈ অপেক্ষা কৰি আছো। মৰম আৰু সহায়ৰ বাবে সকলোকে ধন্যবাদ।

Leave A Reply

Your email address will not be published.