শেহতীয়া এক অধ্যয়ন অনুসৰি জনা গৈছে কেৱল চেনি খালে ডায়েবেটিছ হয় বুলি থকা ধাৰণাটো ভুল। ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি কৰা আন এটা উপাদান আছে।
ডায়েবেটিছ ধৰা পৰিলে মিঠাই প্ৰথমে জীৱনৰ পৰা বাদ দিয়া হয়। তেজৰ চেনি বৃদ্ধিৰ আঁৰত মিঠাই খোৱাৰ প্ৰৱণতা বেছি আৰু সেয়েহে ডায়েবেটিছ হ’লে মিঠাই খোৱা বন্ধ কৰা হয়।
কিন্তু শেহতীয়াকৈ কৰা এক অধ্যয়নত ডায়েবেটিছৰ বাবে কেৱল চেনিকেই দোষ দিয়া হোৱা নাই। কেৱল চেনিয়েই নহয়, নিমখো টাইপ-২ ডায়েবেটিছৰ বাবে সমানে দায়ী বুলি টুলেন বিশ্ববিদ্যালয়ৰ গৱেষকসকলে প্ৰকাশ কৰিছে। মেয়’ ক্লিনিকৰ এখন জাৰ্নেলত প্ৰকাশ পাইছে এই গৱেষণা।
লণ্ডনত বসবাস কৰা প্ৰায় ৪০ হাজাৰ লোকৰ মাজত এই সমীক্ষা চলোৱা হৈছে। ইয়াৰে অধিকাংশই ডায়েবেটিছ ৰোগত আক্ৰান্ত। আগতে সকলোৰে নিমখ খোৱাৰ প্ৰৱণতা আছিল যদিও বহুতে চেনি খোৱা নাছিল। ইয়াৰ পিছতো তেজত চেনিৰ মাত্ৰা বৃদ্ধি পায়। নিমখ খালে টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়।
কিন্তু তাৰ অৰ্থ এইটো নহয় যে নিমখ খালে ডায়েবেটিছ ৰোগ হ’ব। ডায়েবেটিছ ৰোগত আক্ৰান্ত হোৱাৰ আশংকা নিৰ্ভৰ কৰে নিমখৰ পৰিমাণৰ ওপৰত। মাজে মাজে নিমখ সেৱন কৰিলে ডায়েবেটিছৰ সম্ভাৱনা ১৩ শতাংশ থাকে। কিন্তু প্ৰায় প্ৰতিদিনে ভাতৰ লগত নিমখ খালে টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা ৩৯ শতাংশ বৃদ্ধি পায়।
নিমখ অবিহনে খাদ্যৰ কোনো সোৱাদ নাথাকে। ইফালে যিমানেই সুস্বাদু খাদ্য খাব সিমানেই শৰীৰত নিমখৰ পৰিমাণ বাঢ়ি যাব। ইয়াৰ ফলত ওজন বৃদ্ধি, প্ৰদাহজনিত সমস্যা আৰু ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়। তদুপৰি নিমখ ৰক্তচাপ বৃদ্ধিৰ অন্যতম কাৰণ। ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপৰ সম্ভাৱনাৰ পৰা হাত সাৰিবলৈ কেৱল চেনিয়েই নহয় নিমখৰ পৰিমাণো কম কৰিব লাগে।
ৰন্ধা-বঢ়াত ব্যৱহৃত নিমখৰ পৰিমাণ আপোনাৰ ওপৰত নিৰ্ভৰশীল যদিও সঘনাই ৰেষ্টুৰেণ্টৰ আহাৰ গ্ৰহণ কৰিলে শৰীৰত ছডিয়াম বৃদ্ধি হোৱাটো নিশ্চিত। প্ৰচেছড খাদ্যত নিমখৰ পৰিমাণ বেছি। পিজ্জা, ৰোল, বিস্কুট, পেকেট কৰা চূপত সৰ্বাধিক নিমখ থাকে। এনেধৰণৰ খাদ্য যিমান পাৰি পৰিহাৰ কৰা ভাল।