নয়ডাতো প্ৰদূষণৰ প্ৰভাৱ, ১০ নৱেম্বৰলৈকে বিদ্যালয় বন্ধ

ৰাজধানীত ক্ৰমান্বয়ে বৃদ্ধি পাইছে বায়ু প্ৰদূষণৰ মাত্ৰা। চৰকাৰী নিৰ্দেশত নয়ডাৰ সকলো উচ্চ প্ৰাথমিক বিদ্যালয় বন্ধ কৰা হৈছে। নৱম শ্ৰেণীলৈকে সকলো ছাত্ৰ-ছাত্ৰীক ছুটী দিয়া হৈছে। জনা গৈছে যে ১০ নৱেম্বৰলৈ বিদ্যালয়খন বন্ধ থাকিব।

জিলা দণ্ডাধীশে কয় যে বিদ্যালয় খোলা পর্যন্ত অনলাইনত পাঠদান চলিব লাগে। ইতিমধ্যে কেন্দ্ৰই গ্ৰহণ কৰিছে প্ৰদূষণ বিৰোধী কেইবাখনো আঁচনি। দিল্লীৰ বিদ্যালয়সমূহো শুকুৰবাৰলৈ বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে। কেৱল দিল্লীয়েই নহয় চুবুৰীয়া ৰাজ্য হাৰিয়ানা, ৰাজস্থান আৰু উত্তৰ প্ৰদেশৰ বহু চহৰতো বায়ু প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পোৱা দেখা গৈছে।

Assamese NewsDaily time axomGuwahatiIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment