ভাৰত ভ্ৰমণত আমেৰিকাৰ বিদেশ আৰু প্ৰতিৰক্ষা মন্ত্ৰী

আমেৰিকাৰ বিদেশ মন্ত্ৰী এণ্টনি ব্লিংকেন আৰু প্ৰতিৰক্ষা মন্ত্ৰী লয়ড জেমছ অষ্টিনে এই সপ্তাহতে ভাৰত ভ্ৰমণ কৰিবলৈ আহিব। অহা ১০ নৱেম্বৰত ভাৰতীয় মন্ত্ৰীসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’ব আমেৰিকা প্ৰশাসনৰ এই দুগৰাকী শীৰ্ষ বিষয়াই। ব্লিংকেনে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু লয়ড অষ্টিনে ৰাজনাথ সিঙক সাক্ষাৎ কৰিব। কিন্তু ভাৰত ভ্ৰমণৰ এই গুৰুত্বপূৰ্ণ কাৰণ, আলোচনাৰ বিষয়বস্তু এতিয়াও প্ৰকাশ হোৱা নাই।

জানিব পৰা মতে, দুয়োখন দেশৰ প্ৰতিৰক্ষা আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ বিষয়ে আলোচনা হ’ব পাৰে। দক্ষিণ আৰু মধ্য এছিয়া বিভাগৰ আমেৰিকাৰ সহকাৰী সচিব ড’নাল্ড লিউৱে ৱাশ্বিংটন ডি চিৰ গুৰুত্বপূৰ্ণ মন্ত্ৰী দুগৰাকীক আগন্তুক ভ্ৰমণৰ বিষয়ে অৱগত কৰে। ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলক মুক্ত, মুকলি, সমৃদ্ধিশালী আৰু সুৰক্ষিত কৰি ৰখাৰ বাবে মন্ত্ৰীসকলে ভাৰতৰ সৈতে আলোচনা কৰিব বুলিও তেওঁ কয়। ইজৰাইল-হামাছ আৰু ইউক্ৰেইন-ৰাছিয়াৰ সংঘাতৰ বিষয়েও দুয়োখন দেশৰ মাজত আলোচনা কৰা হ’ব।

AssambollywoodDaily time axomIndiaInternationalWorld
Comments (0)
Add Comment