Daily Time Axom

পেটৰ চৰ্বি কমাবলৈ আয়ুৰ্বেদ কিমান ফলপ্ৰসূ

0 34

অতিৰিক্ত ওজনৰ বাবে বহুতে চিন্তা কৰে। শৰীৰৰ পজিটিভিটিৰ প্ৰতি সকলোৱে সচেতন। যদি অতিৰিক্ত ওজনৰ বাবে শাৰীৰিক সমস্যাৰ সৃষ্টি নহয় বা যদি আপুনি কেতিয়াও ওজন কমোৱাৰ প্ৰয়োজন অনুভৱ কৰা নাই, তেন্তে কোনো লাভ নাই। যদি আপুনি ফিটনেছ সচেতন আৰু পেটৰ চৰ্বি আপোনাৰ বাবে চিন্তাৰ কাৰণ, তেন্তে আপুনি আয়ুৰ্বেদৰ কাষ চাপিব পাৰে। থেৰাপিষ্টসকলৰ মতে এই বনৌষধিবোৰে পেটৰ অতিৰিক্ত চৰ্বি কমোৱাৰ বাবে যাদুকৰী কাম কৰিব পাৰে।

অতিৰিক্ত চৰ্বি হ্ৰাস আৰু বিপাকীয় ক্ৰিয়া নিয়ন্ত্ৰণৰ বাবে আন এটা গুৰুত্বপূৰ্ণ বনৌষধি হ’ল গুগুল। এই ফলবিধ পানীত তিয়াই ডিটক্স পানী বনাওক আৰু সপ্তাহত দুবাৰকৈ খাব লাগে।
আমি সকলোৱে জানো যে আদা হজম শক্তিৰ বাবে ফলপ্ৰসূ। ইয়াৰ উপৰিও ই প্ৰদাহ কমায়, বিপাকীয় ক্ৰিয়া নিয়ন্ত্ৰণত ৰাখে, লগতে ওজন কমি যায়।
হালধিত কাৰকুমিন থাকে। যাৰ ফলত চৰ্বি হ্ৰাস পায়। প্ৰদাহ কমায়। ইনচুলিনৰ নিঃসৰণ পৰ্যাপ্ত কৰি ৰাখে।
লগতে এটা গুৰুত্বপূৰ্ণ উপাদান হ’ল মেথি। মেথি তিয়াই থোৱা পানীয়ে ওজন কমাবলৈ সহায় কৰে। সপ্তাহত তিনিদিন খালে ভাল।
ওজন কমাবলৈ ডালচেনি ফলপ্ৰসূ হ’ব পাৰে। এই বনৌষধি গুড়ি কৰি সপ্তাহত তিনিদিন গৰম পানীত খাব লাগে। নিয়মীয়া ব্যায়ামৰ সৈতে। ডায়েবেটিছ নিয়ন্ত্ৰণতো ডালচেনি ফলপ্ৰসূ।
ইয়াৰ উপৰিও এলোভেৰাইও যাদুৰ দৰে কাম কৰি শৰীৰক বিষমুক্ত কৰি ওজন কমায়।

Leave A Reply

Your email address will not be published.