Daily Time Axom

প্ৰদূষণৰ ফলত ক্ষতিগ্ৰস্ত পাকিস্তানৰ পঞ্জাব প্ৰদেশ, লাহোৰত জৰুৰীকালীন অৱস্থা ঘোষণা

0 42

পাকিস্তানৰ উত্তৰ-পূব প্ৰদেশ পঞ্জাৱত ভয়াৱহ বায়ু প্ৰদূষণ। প্ৰাদেশিক ৰাজধানী লাহোৰকে ধৰি কেইবাখনো চহৰৰ বায়ুমণ্ডল ইমানেই ভয়াৱহ যে ইতিমধ্যে কিছুমান চহৰত ‘স্বাস্থ্য জৰুৰীকালীন অৱস্থা’ ঘোষণা কৰা হৈছে। ইয়াৰ উপৰিও সাপ্তাহিক বন্ধ এদিনৰ পৰা চাৰিদিনলৈ বৃদ্ধি কৰা হৈছে। লগতে জনোৱা হৈছে যে এই নিৰ্দেশনাসমূহ পৰৱৰ্তী নিৰ্দেশ পৰ্যন্ত বলবৎ থাকিব।
মঙলবাৰে (৭ নৱেম্বৰ) লাহোৰৰ লগতে অন্যান্য চুবুৰীয়া উত্তৰ-পূব জিলাত ‘স্বাস্থ্য জৰুৰীকালীন অৱস্থা’ ঘোষণা কৰে। ইয়াৰ সমান্তৰালকৈ বায়ু প্ৰদূষণৰ ফলত সৃষ্টি হোৱা প্ৰচণ্ড ধোঁৱাৰ বাবে এসপ্তাহত চাৰিদিনীয়া বন্ধৰ দিনো ঘোষণা কৰা হৈছে।
সংবাদমেলত ভাষণ দি উত্তৰ-পূব পঞ্জাৱ প্ৰদেশৰ অন্তৱৰ্তীকালীন মুখ্যমন্ত্ৰী মহছিন নাকৱীয়ে কয় যে এতিয়াৰে পৰা কাৰ্যালয়, বিদ্যালয়, মহাবিদ্যালয়, চিনেমা হল, উদ্যান আৰু অন্যান্য ৰাজহুৱা স্থান বৃহস্পতিবাৰ, শুকুৰবাৰ আৰু শনিবাৰে পৰৱৰ্তী অৰ্ডাৰলৈকে বন্ধ থাকিব, দেওবাৰৰ বাহিৰে।

Leave A Reply

Your email address will not be published.