Daily Time Axom

১৩ বছৰীয়া যুগ্ম জীৱনৰ অন্ত ! হানী সিঙক মুক্তি

0 47

মঙলবাৰে দিল্লীৰ আদালতে গায়ক হানী সিং আৰু তেওঁৰ পত্নী শালীনী তালৱাৰৰ বিবাহ বিচ্ছেদ চূড়ান্ত কৰে। তেওঁলোকৰ বৈবাহিক জীৱন ১৩ বছৰীয়া আছিল। যোৱা ডেৰ-দুবছৰ ধৰি এই গোচৰ চলি আছিল। আদালতৰ মুখ্য ন্যায়াধীশ (পৰিয়াল আদালত) পৰমজিৎ সিঙে এই বিষয়ত দাখিল কৰা দ্বিতীয়টো প্ৰস্তাৱৰ অনুমতি দি প্ৰায় ডেৰ-দুবছৰীয়া এই গোচৰৰ অন্ত পেলায়।
হিন্দু বিবাহ আইন অনুসৰি বিবাহ বিচ্ছেদ আবেদন দাখিল কৰাৰ পৰা ৬ৰ পৰা ১৮ মাহৰ সময় দিয়া হৈছে দম্পতীক। এই সময়ছোৱাক সংক্ৰমণকাল বোলা হয়। যাৰ উদ্দেশ্য হৈছে পক্ষসমূহক বিবাহ বিচ্ছেদৰ সিদ্ধান্ত ল’বলৈ সময় আৰু সুযোগ দিয়া।
২০১১ চনৰ জানুৱাৰী মাহত হানীয়ে শ্বালিনী তালৱাৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ২০২২ চনৰ ছেপ্টেম্বৰ মাহত বিবাহৰ ১১ বছৰৰ পাছত দম্পতীহালে হিন্দু বিবাহ আইনৰ ১৩বি ধাৰাত পৰিয়াল আদালতত বিবাহ বিচ্ছেদৰ বাবে আবেদন জনায়। আদালতে ৬ মাহৰ সময়সীমা প্ৰদান কৰি তেওঁলোকৰ আবেদন গ্ৰহণ কৰিছিল।

Leave A Reply

Your email address will not be published.