১৪ হাজাৰ ফুট ওপৰত হঠাতে দেখা পালে যে বিমানখনৰ খিৰিকীত কোনো আইনা নাই

১৪,৫০০ ফুট উচ্চতাত উৰি আছিল যাত্ৰীবাহী বিমানখন। হঠাৎ এজন এয়াৰমেনে লক্ষ্য কৰিলে যে বিমানখনৰ দুখন খিৰিকীত কোনো আইনা নাই। তেওঁ পাইলটকে ধৰি আনকো কথাটো কয়। পিছত বিমানখনে ওচৰৰ বিমানবন্দৰত জৰুৰীকালীন অৱতৰণ কৰিবলৈ সক্ষম হয়।
৪ অক্টোবৰত সংঘটিত হৈছিল এনে এক ৰোমাঞ্চকৰ ঘটনা। ব্ৰিটেইনৰ লণ্ডনৰ ষ্টেনষ্টেড বিমানবন্দৰৰ পৰা আমেৰিকাৰ ফ্ল’ৰিডালৈ উৰা মাৰিছিল বিমানখন। সেইদিনা উৰাজাহাজখনত আছিল ১১ জন ক্ৰু মেম্বাৰ আৰু ৯ জন যাত্ৰী। কোনোমতে তেওঁলোকে প্ৰাণ ৰক্ষা কৰে।

AssamDaily time axomIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment