Daily Time Axom

কামপুৰ শাখা সাহিত্য সভাৰ নৱ নিৰ্মিত পথৰ শুভ উদ্বোধনৰ লগতে গ্ৰন্থ উন্মোচনী সভা – “আপোনাৰ ঠিকনাটো দিব নেকি”

0 47

কামপুৰ শাখা সাহিত্য সভা ভৱনত আজি “আপোনাৰ ঠিকনাটো দিব নেকি” শীৰ্ষক এখনি কাব্য গ্ৰন্থ উন্মোচন কৰাৰ লগতে শাখা সাহিত্য সভাৰ কাৰ্যলয়লৈ যোৱা এটা নৱনিৰ্মিত পথৰ শুভউদ্বোধন কৰে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে। বিধায়ক জনে কামপুৰ পৌৰসভাই পঞ্চদশ বিত্তিয় আয়োগৰ দ্বাৰা নিৰ্মান কৰা পথটোৰ শুভউদ্বোধন কৰাৰ পিছতে কামপুৰ শাখা সাহিত্য সভাৰ সম্পাদক শৰৎ চন্দ্ৰ গোস্বামী লিখা “আপোনাৰ ঠিকনাটো দিব নেকি” কাব্য গ্ৰন্থ খন শুভ উন্মোচন কৰে। এই উপলক্ষে গ্ৰন্থ উন্মোচনীৰ আৰম্ভনিতে বন্তি প্ৰজ্বলন কৰে নগাঁও জিলা সাহিত্য সভাৰ সভাপতি থগিত মহন্তই আৰু উদ্দেশ্য ব্যাখ্যা কৰে শাখা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক বাবুল বৰাই।কামপুৰ সাহিত্য সভাৰ সভাপতি লক্ষীকান্ত নাথে সভাপতিত্ব কৰা সভাখনত উদ্বোধনী ভাষণ প্ৰদান কৰে সাহিত্য সভাৰ জিলা সভাপতি থগিত মহন্তই। এক মাংগলিক পৰিবেশত আৰু যথেষ্ট সংখ্যক সাহিত্যনুৰাগী উপস্থিত থকা অনুষ্ঠানটিত কাব্য গ্ৰন্থখনি উন্মোচন কৰে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে।অনুষ্ঠানটোত বিশিষ্ট অতিথি তথা আমন্ত্ৰিত অতিথি হিচাপে নগাঁও জিলাৰ সাহিত্য সভাৰ সম্পাদক ৰেৱত কুমাৰ হাজৰিকা, জিলা প্ৰাক্তন সভাপতি পৰান কুমাৰ বৰুৱা, অধ্যাপক ড° ঘনকান্ত শইকীয়া, ৰনাংগন বাৰ্তালুচনীৰ সম্পাদক মিন্টু দাসে অংশগ্ৰহণ কৰি কাব্য সাহিত্যৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰাৰ লগতে কাব্যগ্ৰন্থখন ৰাইজে আদৰি লব বুলি আশা প্ৰকাশ কৰে।

Leave A Reply

Your email address will not be published.