Daily Time Axom

কুৰুৱাত দুখগ্ৰস্ত হৈছে পশুপালক

0 39

কুৰুৱাৰ পশুপালকৰ ঘৰে ঘৰে এতিয়া চলিছে কান্দোনৰ ৰোল । নিজ ভাগ্যক ধিয়াই কন্দাৰ বাহিৰে যেন দুখীয়া পশুপালক সকলৰ গত্যন্তৰ নাই । গো পালনেৰে পেট প্ৰৱৰ্তোৱা পৰিয়াল সমুহৰ গোহালিৰ গৰু নিশা নোহোৱা হোৱাত মূৰত সৰগ ভাগি পৰিল । ব্ৰহ্মপুত্ৰৰ বালি চৰত বহু বছৰৰ পৰা কুৰুৱাৰ পশুপালক সকলে পশুপালন কৰি আহিছিল । নিশা ভটভটীৰে অহা বৃহৎ চোৰৰ গেঙে ৪৫ টাকৈ গৰু চুৰি কৰি নিয়ে । কেইবাখনো ভটভটীত গৰুসমূহ লৈ আমিনগাঁও অভিমুখী হোৱা প্ৰত্যক্ষ কৰিছিল স্থানীয় লোকে । পুৱা গৰু বন্ধা খুঁটীলৈ গৈ গোহালী উদং দেখি মুৰ্চা যায় পালক সকল ।

কুৰুৱাৰ গো পালকৰ জীৱিকাৰ একমাত্ৰ সম্বল গৰু সমূহ হেৰুৱাই শোকত ভাগি পৰিছে দুখীয়া গো- পালক সকল । প্ৰায় দহ গৰাকী গোৱালৰ গৰু চুৰি কৰি নিয়াত আঠাই সাগৰত যেন ডুৱ গল সেইসকল পৰিয়ালৰ ভবিষ্যত । গৰু বিক্ৰী কৰি পুত্ৰৰ বি কম পঢ়াৰ আশা মষিমুৰ হোৱাত কেবল কান্দিছে । ভুক্তাভোগী পৰিয়ালৰ অভিযোগ, ব্ৰহ্মপুত্ৰত ভটভটী চলাচল পাঁচ বছৰ পুৰ্বেই বন্ধ কৰা হৈছিল । ইয়াৰ পিছতো চৰত কিয় বন্ধ হোৱা নাই । আতংকিত পুশুপালকৰ চৰকাৰলৈ নিবেদন, বন্ধ কৰক ভটভটী চলাচল । নদী আৰক্ষীৰ পহৰা কটকটীয়া কৰক আৰু আৰ্থিক সাহায্যৰে সকাহ দিয়ক পৰিয়াল সমূহক ।

প্ৰশ্ন হয়, গুৱাহাটী নদী আৰক্ষীয়ে নিশা পহৰা নিদিয়ে নেকি? ভটভটী চলাচল বন্ধ কৰাত গুৰুত্ব প্ৰদান নকৰিলে ভবিষ্যত আৰু ভয়াবহ পৰিস্থিতিৰ সাক্ষী হব লাগিব প্ৰশাসন । সেয়েহে শীঘ্ৰেইইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ভুক্তভোগী সকলে।

Leave A Reply

Your email address will not be published.