Daily Time Axom

দৰঙত জল দীপাৱলী উদযাপন

0 41

ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযান,মঙলদৈ পৌৰ সভা আৰু ‘অম্ৰুত’ৰ যৌথ উদ্যোগত মঙলদৈত জল দীপাৱলী অনুষ্ঠিত কৰা হয়। মঙলদৈৰ জাইকা প্রকল্প প্ৰাংগণত এই অনুষ্ঠানৰ আয়োজন কৰা হয়।পুৱা ৯ বজাত মঙলদৈ পৌৰ সভাৰ পৰা জাইকা প্ৰকল্পলৈ এক শোভাযাত্ৰা কৰা হয়। তাৰপিছত ১০ বজাত অনুষ্ঠিত এখন সভাত মঙলদৈ পৌৰ সভাৰ অধীনৰ আত্মসহায়ক গোটৰ ৩০ গৰাকী মহিলাই অংশগ্রহণ কৰে। পানীৰ বিশুদ্ধতা, পানীৰ সদব্যৱহাৰ আদি বিভিন্ন দিশৰ বিষয়ে আলোচনা কৰি মহিলাসকলৰ মাজত পানীৰ ব্যৱহাৰ আৰু সংৰক্ষণৰ বিষয়ে সজাগতা বৃদ্ধি কৰা হয়।

পানীৰ ব্যৱহাৰ, পানী কিমান বিশুদ্ধভাৱে ব্যৱহাৰ হৈছে, পানীৰ অপচয়ক লৈ সজাগতা আদি বিষয়সমূহ সামৰি আয়োজিত আজিৰ কার্যসূচীত অংশলোৱা মহিলাসকলে সমাজৰ বিভিন্ন স্তৰৰ লোকৰ ওচৰলৈ বিশুদ্ধ পানীৰ ব্যবহাৰ, পানীৰ উপযুক্ত ব্যৱহাৰৰ বাৰ্তাসমূহ লৈ যাব।
আজিৰ কাৰ্য্যসূচীত উপস্থিত আছিল গুৱাহাটীৰ অম্ৰুত মিচনৰ নডেল বিষয়া নাতাশা কাকতি,মঙ্গলদৈ পৌৰ সভাৰ কাৰ্য্যবাহী বিষয়া ইহছানুল হুছেইন, জনসাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তা পৰাগ নাথ,ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ মঙলদৈৰ প্ৰকল্প প্ৰবন্ধক মানস দাস আৰু পৌৰ সভাৰ বিষয়া কৰ্মচাৰী সকলো উপস্থিত আছিল।

Leave A Reply

Your email address will not be published.