টীয়কত চিলচৰৰ বিধায়ক প্ৰস্তাৱিত মৰিয়নি সমষ্টিৰ তত্ত্বাৱধায়ক হিচাপে দিপায়ণ চক্ৰৱৰ্তী উপস্থিত হৈ প্ৰস্তাৱিত মৰিয়নি সমষ্টিৰ বুথ সমূহত সভা আয়োজন কৰি প্ৰাথমিক সদস্য সকলৰ সৈতে মত বিনিময় কৰে আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে দলীয় সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ বাবে সকলোকে আহ্বান জনাই।ইতিমধ্য প্ৰস্তাৱিত মৰিয়নিৰ চেলেংহাট আৰু মৰিয়নি মণ্ডলৰ প্ৰায়বোৰ বুথতে সভা কৰি আজি কলিয়াপানী মণ্ডলৰ অন্তৰ্গত কেইবাখনো বুথত সভাত ভাগ লৈ তিনিদিনত মুঠ ৪৩ খন বুথৰ প্ৰাথমিক সদস্যৰ সৈতে আলোচনাত মিলিত হৈ পৰিস্থিতিৰ বুজ লয় আৰু দিপাৱলীৰ পাছত অৰ্থাৎ নৱেম্বৰ মাহৰ ভিতৰত সকলো বুথতে সভা অনুষ্ঠিত কৰি দলীয় সাংগঠনিক ভেটি তনকীয়াল কৰিব বুলি মন্তব্য কৰে বিধায়ক গৰাকীয়ে।উক্ত কাৰ্যসূচীত কলিয়াপানী মণ্ডল বিজেপিৰ সভাপতি ৰাতুল বৰাই বিধায়ক গৰাকীক সংগ প্ৰদান কৰে।লগতে এই সভাসমূহে আগন্তুক দিনত কৰ্মীসকলক অধিক উৎসাহিত কৰাৰ লগতে অহা ২৪ ৰ নিৰ্বাচনত জয়ী হোৱাত সহায়ক হব বুলি আশা প্ৰকাশ কৰে বিধায়ক গৰাকীয়ে।