চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া ৭ দিন “অন্ন সেৱা সপ্তাহ” হিচাপে পালন কৰা হব।
শিৱসাগৰ জিলা পৰিষদৰ কাৰ্যালয়ৰ সভাকক্ষত কালি শিৱসাগৰ জিলা আয়ুক্ত আদিত্য ৱিক্ৰম য়াদৱ আৰু অতিৰিক্ত জিলা আয়ুক্তৰ উপস্থিতিত অসম চৰকাৰে জাৰি কৰা নতুন SOP সন্দৰ্ভত বিতংভাৱে আলোচনা কৰাৰ উদ্দেশ্যে এক সভা অনুষ্ঠিত হয় ৷ উক্ত সভাত উপস্থিত থাকে খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ উপ-সঞ্চালক, পৰিদৰ্শক, উপ-পৰিদৰ্শক সকলৰ লগতে শিৱসাগৰ জিলাৰ সুলভ মূল্যৰ ব্যৱসায়ীসকল। সভাত উদ্দেশ্য ব্যখ্যা কৰে খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ উপ-সঞ্চালক এল.চি. বৰীয়ে আৰু চৰকাৰে জাৰি কৰা SOP খনৰ সম্পৰ্কে জনাই যে, সুলভ মূল্যৰ ব্যৱসায়ী সকলে নিৰ্ধাৰিত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অন্তৰ্গত NFSA চাউল সমূহ হিতাধিকাৰী সকলৰ মাজত প্ৰত্যেক মাহৰ ১০ তাৰিখৰ পৰা ১৬ তাৰিখ পৰ্য্যন্ত বিতৰণ কৰিব লাগিব ৷ দোকান সমূহ চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া এই ৭ দিন অন্ন সেৱা সপ্তাহ” হিচাপে পালন কৰা হব ৷ আৰু সেই অনুসাৰে হিতাধিকাৰী সকলে উক্ত এক সপ্তাহৰ ভিতৰত যদি কোনো হিতাধিকাৰীয়ে তেওঁলোকৰ চাউল সমূহ সংগ্ৰহ নকৰে তেনেহলে তাৰ পিছদিনাখনৰ পৰা অৰ্থাৎ ১৭ তাৰিখৰ পৰা ePOS মেচিন সক্ৰিয় হৈ নাথাকিব৷ইয়াৰ পিছত অতিৰিক্ত জিলা আয়ুক্তই চৰকাৰে জাৰি কৰা SOP খনৰ মতে যাতে হিতাধিকাৰী সকলে কোনো ধৰণৰ সমস্যাত নপৰাকৈ তেওঁলোকৰ প্ৰাপ্য সমূহ পাব পাৰে তাৰ প্ৰতি সকলো পক্ষকে লক্ষ্য ৰাখিবলৈ আহ্বান জনায়৷ তাৰোপৰি, জিলা আয়ুক্ত আদিত্য ৱিক্ৰম য়াদৱে চৰকাৰে জাৰি কৰা SOP খন সফল ৰুপায়নৰ লগতে সুলভ মূল্যৰ ব্যৱসায়ী সকলক জনায় যে NFSA আইনৰ অন্তৰ্গত কোনো যদি যোগ্য সদস্য অন্তৰ্ভুক্তকৰণ প্ৰক্ৰিয়াৰ পৰা বাদ পৰি গৈছে তেনেহলে পোনপটীয়াকৈ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমাৰ বিষয়া সকলৰ লগত যোগাযোগ কৰি অন্তৰ্ভুক্তিকৰণৰ ব্যৱস্থা কৰিব লাগে ৷ জিলা আয়ুক্তই উপস্থিত সুলভ মূল্যৰ ব্যৱসায়ী সকলে সন্মুখীন হোৱা যিকোনো সমস্যাৰ সন্দৰ্ভত জানিব বিচাৰিলে আৰু সমস্যা সমূহৰ সমাধান ক্ষিপ্ৰতাৰে কৰিবৰ বাবে যোগান বিভাগৰ বিষয়া সকলক নিৰ্দেশ দিয়ে৷ সকলো সুলভ মূল্যৰ ব্যৱসায়ীকে e-POS transition ৰ যোগেদিহে চাউল বিতৰণ কৰিবলৈ নিৰ্দেশ দিয়ে ৷