তামুলপুৰত মূলসুঁতিলৈ ঘূৰি অহা দুটাকৈ প্ৰাক্তন সশস্ত্ৰ সংগঠনৰ ২০০ গৰাকী সদস্যক গাইগৰু আৰু চিলাই মেচিন বিতৰণ পতঞ্জলি যোগট্ৰাষ্টৰ
সমাজ এখন সুস্থ সবল হৈ থাকিলেহে দেশ এখন সমৃদ্ধিশালী হৈ থাকিব,এই ভাষ্য অসম আৰক্ষীৰ বিশেষ শাখাৰ অতিৰিক্ত আৰক্ষী মহাপৰিদৰ্শক হীৰেন চন্দ্ৰ নাথৰ। তামুলপুৰ জিলাৰ বেলখুঁটিস্থিত পতঞ্জলি যোগপীঠ ট্ৰাষ্ট চৌহদত আজি মূলসুঁতিলৈ ঘূৰি অহা দুটাকৈ প্ৰাক্তন সশস্ত্ৰ সংগঠন ক্ৰমে ইউ জি পি ও আৰু এন এল এফ বিৰ ২০০ গৰাকী কেডাৰৰ মাজত পতঞ্জলি যোগ ট্ৰাষ্টৰ দ্বাৰা উন্নত প্ৰজাতিৰ গাই গৰু আৰু ১০ গৰাকী মহিলাক চিলাই মেচিন বিতৰণ অনুষ্ঠানত উপস্থিত থাকি হীৰেন চন্দ্ৰ নাথে এই ভাষ্য প্ৰদান কৰে। আৰক্ষী মহাপৰিদৰ্শক গৰাকীয়ে পুনৰ কয়ঃ অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মূলসুঁতিলৈ ঘূৰি অহা প্ৰাক্তন কেডাৰ সকলৰ লগতে তেওঁলোকৰ পৰিয়াল সমূহক সংস্থাপনৰ বাবে আজি এই উন্নত মানৰ গাইগৰু আৰু চিলাই মেচিন প্ৰদান কৰা হৈছে। বিপথে পৰিচালিত হৈ মূলসুঁতিলৈ ঘূৰি অহা এই কেডাৰ সকলৰ পৰিয়ালে গাইগৰু আৰু চিলাই মেচিনৰ দ্বাৰা যথেষ্ট উপকৃত হ’ব বুলিও তেওঁ আশা প্ৰকাশ কৰে। উত্তৰ পূৰ্বাঞ্চলৰ পতঞ্জলি যোগপীঠ ট্ৰাষ্টৰ মুখ্য প্ৰশাসনিক স্বাধ্বী দেৱস্বৰুপ মাতাজীয়ে আদৰণি ভাষণ ৰখা অনুষ্ঠানত ইউ জি পি ও ৰ অধ্যক্ষ সুৰজ ঘিমিৰে, এন এল এফ বিৰ মুখ্য সেনাধ্যক্ষ কৃষ্ণ পোদ্দাৰ আৰু সমাজকৰ্মী ওম প্ৰকাশ খান্দেল ওৱালেও সাৰুৱা ভাষণ প্ৰদান কৰে। আচাৰ্যকুলম, কুমাৰীকাটাৰ অধ্যক্ষ নজৰ বসুমতাৰীয়ে আঁঁতধৰা গাইগৰু, চিলাই মেচিন বিতৰণ অনুষ্ঠানত তামুলপুৰ জিলাৰ আৰক্ষী অধীক্ষক পংকজ যাদৱ, বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ৰবীন্দ্ৰ বালা বিশ্বাসৰ লগতে বহু সংখ্যক বিশিষ্ট ব্যক্তিও উপস্থিত থাকে। উল্লেখ্য যে অসম আৰক্ষীৰ বিশেষ শাখা আৰু উত্তৰ পূৰ্বাঞ্চলৰ পতঞ্জলি যোগ পীঠৰ সহযোগত সমৃদ্ধি আৰু মংগলৰ বাবে আজিৰ এই অনুষ্ঠানৰ যোগেদি প্ৰদান কৰা পতঞ্জলিৰ গাই গুৰুৱে প্ৰাক্তন কেডাৰ সকলৰ সংস্থাপনৰ বাবে বিশেষ ভূমিকা গ্ৰহণ কৰিব৷