Daily Time Axom

তিনিদিনীয়া কাৰ্যসূচীৰে ছিপাঝাৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী:মুকলি সভাত উপস্থিত থাকিব মুখ্যমন্ত্ৰী

0 43

১৯৭১চনত প্ৰতিষ্ঠা লাভ কৰা ছিপাঝাৰ অঞ্চলৰ শিক্ষাৰ বট বৃক্ষ স্বৰূপ ছিপাঝাৰ মহাবিদ্যালয়ৰ গৌৰৱোজ্বল সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠানটি ১৭ নবেম্বৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব। আৰম্ভণিৰ দিনা পুৱা সোণালী জয়ন্তীৰ পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ
কৰিব সোণালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে। মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰিব মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ প্ৰদীপ চন্দ্র ডেকা আৰু মহাবিদ্যালয়ৰ ছাত্র একতা সভাৰ পতাকা উত্তোলন কৰিব মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি হৃদয় বৰুৱাই। সোণালী জয়ন্তী উপলক্ষে পঞ্চাশগৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা পঞ্চাশখন পতাকা উত্তোলন কৰা হব। ইয়াৰ পিছতে নৱনিৰ্মিত স্মৃতিসৌধ উন্মোচন কৰিব মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ড০ নগেন্দ্র নাথ শৰ্মাই। বন্তি প্ৰজ্বলন কৰিব প্ৰাক্তন মন্ত্রী ড০ জয়নাথ শৰ্মাই। পাঁচগৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা স্মৃতি তৰ্পণ কৰাৰ পিছত সোণালী জয়ন্তী বৰ্ষৰ নিৰ্মাণসমূহৰ দ্বাৰ উদঘাটন কাৰ্যসূচী অনুষ্ঠিত হ’ব। অনুষ্ঠানত স্নাতকোত্তৰ বিভাগৰ দ্বাৰ উদঘাটন কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ হেমন্ত কুমাৰ নাথেl শিক্ষক জিৰণি কোঠাৰ দ্বাৰ উদঘাটন কৰিব প্ৰাক্তন সাংসদ মাধৱ ৰাজবংশীয়ে, ডিজিটেল শ্ৰেণী কোঠ দ্বাৰ উদঘাটন কৰিব ক্ৰমে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন পঞ্জীয়ক ড: সুৰেশ কুমাৰ নাথ আৰু ছিপাঝাৰৰ প্ৰাক্তন বিধায়ক বিনন্দ কুমাৰ শইকীয়াই।, ছাত্ৰী জিৰণি প্ৰকোষ্ঠ উন্মোচন কৰিব মহাবিদ্যালয়খনৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত অধ্যক্ষ ড: চন্দ্ৰপ্ৰভা ভূঞাই। সাংবাদিক ৰণ্জিত কুমাৰ নাথে চিত্ৰ প্ৰদৰ্শনীৰ দ্বাৰ উদ্ঘাটন কৰাৰ পিছত সাহিত্যিক পেন্সনাৰ শশীধৰ নাথে উদ্বোধন কৰিব লগীয়া সম্বৰ্ধনা সভা সঞ্চালনা কৰিব দৰং জিলা সাহিত্য সভাৰ সভাপতি ৰজনীকান্ত নাথে। উক্ত দিনাই অনুষ্ঠিত হ’বলগীয়া বিদ্যায়তনিক মুকলি সভা সঞ্চালনা কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ বিভাগীয় প্ৰধান ড: কনক চন্দ্র চহৰীয়াই। তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন পৰীক্ষা নিয়ন্ত্রক ডঃ ভূৱনেশ্বৰ চহৰীয়াই উদ্বোধন কৰিব লগীয়া সভাত সমল ব্যক্তি হিচাপে অংশ ল’ব তেজপুৰ কেন্দ্রীয় বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ অৰুপ কুমাৰ নাথে। সন্ধিয়া মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ দ্বাৰা বন্তি প্ৰজ্বলন আৰু নিশা সাংস্কৃতিক অনুষ্ঠানৰে সমাপণ হ’ব প্ৰথম দিনটোৰ কাৰ্যসূচী। দ্বিতীয় দিনা পুৱা সাংস্কৃতিক শোভাযাত্রা উদ্বোধন কৰিব বিশিষ্ট সমাজসেৱক মুকুল ডেকাই।ইয়াৰ পিছত অনুষ্ঠিত হ’বলগীয়া ন-পুৰণি ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়ত্ৰী সন্মিলন উদ্ধোধন কৰিব বিশিষ্ট শিল্পী তথা ছিপাঝাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ডঃ ব্ৰজেন বৰাই। অনুষ্ঠানখনত অতিথি শিল্পী হিচাপে উপস্থিত থাকিব কল্লোল বৰঠাকুৰ, সুৱাসনা দত্ত লগতে যাদুকৰ বিক্ৰম,।মুকলি সভাতেই স্মৃতিগ্ৰন্থ উন্মোচন কৰিব কটন বিশ্ববিদ্যালয়ৰ অৱসৰী অধ্যাপক ডঃ পৱন কুমাৰ চহৰীয়াই। নিশাৰ সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰিব জনপ্ৰিয় কণ্ঠশিল্পী প্ৰবীন বৰাই। সোণালী জয়ন্তী সামৰণি অনুষ্ঠানৰ অন্তিমটো দিনা পুৱাৰ ভাগত শিক্ষাৰ্থী সমাৰোহ অনুষ্ঠিত হোৱাৰ পিছত অনুষ্ঠিত হ’বলগীয়া মুকলি অধিৱেশনত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু আৰু সাংসদ দিলীপ শইকীয়া। সোণালী জয়ন্তী উদযাপনৰ সমিতিৰ সভাপতি ডঃ পৰমানন্দ ৰাজবংশীয়ে সভাপতিত্ব কৰিব লগীয়া মুকলি সভা উদ্বোধন কৰিব কথা শিল্পী ডা০ ধ্ৰুৱজ্যোতি বড়াই।,আমন্ত্রিত অতিথি হিচাপে উপস্থিত থাকিব জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটে, দৰং জিলা পৰিষদৰ সভাপতি ধীৰেন্দ্ৰ ডেকা আৰু ছিপাঝাৰৰ চক্ৰ বিষয়া কমলজিৎ শৰ্মা।

Leave A Reply

Your email address will not be published.