Daily Time Axom

নেইমাৰৰ পত্নী আৰু কন্যাক অপহৰণ কৰিবলৈ ঘৰত আক্ৰমণ!

0 39

ব্ৰাজিলৰ ফুটবল তাৰকা নেইমাৰৰ প্ৰেমিকা ব্ৰুনা বিয়ানকাৰ্ডি আৰু তেওঁৰ নৱজাত কন্যাই অপহৰণৰ পৰা কোনোমতে ৰক্ষা পৰে। ব্ৰাজিল আৰু ছৌদি ক্লাব আল হিলালৰ ষ্ট্ৰাইকাৰ নেইমাৰ এমাহ পূৰ্বে এগৰাকী কন্যা সন্তানৰ পিতৃ হৈছিল।
অৱশ্যে তেওঁৰ পিতৃ-মাতৃ ব্ৰুনাৰ ঘৰত আছিল যেতিয়া অপৰাধীয়ে চাও পাওলোৰ সেই ঘৰটোত আক্ৰমণ চলায়। নেইমাৰৰ কন্যা আৰু ব্ৰুনা তেতিয়া নাছিল। কিন্তু অস্ত্ৰধাৰী ডকাইতৰ দলটোৱে নেইমাৰৰ প্ৰেমিকা আৰু কন্যাকো বিচাৰি থকা বুলি জানিব পৰা গৈছে। ব্ৰুনাডক বিচাৰি নোপোৱাত লুটপাত কৰে যদিও অপৰাধীয়ে ব্ৰুনাৰ পিতৃ-মাতৃক কোনো আঘাত কৰা নাই।এই খবৰ পোৱাৰ পিছতে আৰক্ষীয়ে লগে লগে ব্যৱস্থা গ্ৰহণ কৰে। চিচিটিভিৰ ফুটেজত দেখা পোৱা এজন দোষীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। বাকী দুজনক গ্ৰেপ্তাৰ কৰাৰ প্ৰচেষ্টা অব্যাহত আছে। ঘড়ী, গহনা আৰু কেইবাটাও বেগ লৈ ঘৰৰ পৰা পলায়ন কৰে।

Leave A Reply

Your email address will not be published.