অকাল বৰষুণ! দিল্লীত প্ৰদূষণৰ পৰা সাময়িক সকাহ

ভয়ংকৰ প্ৰদূষণৰ পৰা সাময়িক সকাহ পালে দিল্লীবাসীয়ে। বৃহস্পতিবাৰৰ মাজনিশাৰ পৰা শুকুৰবাৰে পুৱালৈকে দিল্লীৰ কেইবাটাও অঞ্চলত মধ্যমীয়া বৰষুণ হয়। স্থানীয় ৰাইজে জনোৱা মতে, বৰষুণৰ বাবে প্ৰদূষণৰ মাত্ৰাত বিশেষ পৰিৱৰ্তন নহ’লেও কিছু সকাহ পোৱা গৈছে। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি শুকুৰবাৰে গোটেই দিনটো অধিক বৰষুণ হ’ব।
প্ৰসংগক্ৰমে প্ৰদূষণৰ মাত্ৰা হ্ৰাস কৰাৰ স্বাৰ্থত দিল্লীৰ ইউ পি চৰকাৰে এই মাহতে ৰাজধানীত কৃত্ৰিমভাৱে বৰষুণৰ কথা চিন্তা কৰিবলৈ আৰম্ভ কৰিছে। ২০-২১ নৱেম্বৰত কৃত্ৰিম বৰষুণৰ পৰিকল্পনা কৰা হৈছিল। কিন্তু এই অকাল বৰষুণে ইয়াৰ প্ৰয়োজনীয়তা বহু পৰিমাণে হ্ৰাস কৰিলে।
বৰষুণৰ মাজতো শুকুৰবাৰে পুৱা ৭ বজাত দিল্লীৰ বায়ুৰ মান ৪০৭। কিন্তু বতৰ বিজ্ঞান বিভাগে আশা কৰিছে যে এনেধৰণৰ সিঁচৰতি বৰষুণে দেওবাৰে দীপাৱলীৰ পূৰ্বে প্ৰদূষণৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখিব।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment