৮ গৰাকী প্ৰাক্তন নৌসেনাৰ বিষয়াক মৃত্যুদণ্ডৰ শাস্তি, ৰায়ৰ বিৰুদ্ধে ভাৰতৰ আবেদন

ইজৰাইলৰ বাবে চোৰাংচোৱাগিৰি কৰাৰ অপৰাধত কাটাৰত মৃত্যুদণ্ডৰ শাস্তি পোৱা ভাৰতীয় নৌসেনাৰ ৮গৰাকী প্ৰাক্তন বিষয়াৰ ৰায়ৰ বিৰুদ্ধে ভাৰতে আবেদন জনাইছে।
ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে কাটাৰ আদালতে দিয়া ৰায়ৰ ওপৰত ভাৰতীয় আইনী দলৰ সৈতে আলোচনা কৰা হৈছে। সকলো আইনী দিশ বিবেচনা কৰি আবেদন কৰা হৈছে। কাটাৰৰ সৈতে যোগাযোগ বজাই ৰখা হৈছে। দোষী সাব্যস্ত হোৱা পৰিয়ালৰ সৈতেও যোগাযোগত আছে চৰকাৰ।
প্ৰসংগক্ৰমে এই আঠজন অৱসৰপ্ৰাপ্ত নৌসেনা বিষয়াই কাটাৰ সেনাক প্ৰশিক্ষণ দিয়াত নিয়োজিত এটা ব্যক্তিগত সংস্থাত কাম কৰি আছিল। তেওঁলোকৰ মৃত্যুদণ্ডৰ বিৰুদ্ধে কাটাৰৰ উচ্চ ন্যায়ালয়ত আবেদন কৰাৰ নিয়ম আছে। সেই নিয়ম অনুসৰি ভাৰত চৰকাৰে আবেদন কৰিছে।
যদি কোনো আবেদন দাখিল কৰা নহ’লহেঁতেন তেন্তে নিম্ন আদালতৰ ৰায় কাৰ্যকৰী হ’লহেঁতেন। কাটাৰৰ ৰজাৰ আদালতত শাস্তি পোৱাসকলৰ পৰিয়ালে সুকীয়াকৈ আবেদন জনাইছে।
স্থানীয় কাটাৰ সংবাদ মাধ্যমৰ মতে, মৃত্যুদণ্ডৰ শাস্তি পোৱা আঠজন লোকে কাটাৰত ছাবমেৰিন প্ৰকল্পত কাম কৰিছিল।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment