ইজৰাইলে গাজা ষ্ট্ৰিপত দৈনিক চাৰি ঘণ্টীয়া যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰিছে। আমেৰিকাই ঘোষণা কৰিলে এই কথা। হোৱাইট হাউছে জনাইছে যে ইজৰাইলে যুদ্ধবিৰতি পালন কৰি পেলেষ্টাইনী সাধাৰণ নাগৰিকক উত্তৰ গাজা এৰি যাবলৈ অনুমতি দিব। বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে যুদ্ধবিৰতি। আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ মুখপাত্ৰ জন কিৰ্বিয়ে কয় যে উত্তৰ গাজাৰ পৰা সাধাৰণ নাগৰিকক উলিয়াই অনাৰ বাবে দুটা মানৱীয় কৰিড’ৰ থাকিব। ইজৰাইলে কয় যে এই সময়ত সেই অঞ্চলসমূহত কোনো সামৰিক অভিযান চলোৱা নহ’ব।ইফালে আমেৰিকাই প্ৰতিদিনে কমেও ১৫০খন ট্ৰাক গাজালৈ প্ৰেৰণ কৰাৰ লক্ষ্য লৈছে। ইফালে, হামাছৰ নেতা ইছমাইল হানিয়েহ আৰু হামাছৰ প্ৰাক্তন মুৰব্বী খালেদ মেছালে প্ৰতিনিধি দলৰ অংশ হিচাপে ইজিপ্তলৈ গৈছে। গাজাৰ পৰিস্থিতিকলৈ ইজিপ্তৰ সাধাৰণ চোৰাংচোৱা সেৱাৰ মুৰব্বী আব্বাছ কামেলৰ সৈতে সাক্ষাৎ কৰে হামাছৰ শীৰ্ষ নেতাসকলে।