Daily Time Axom

এতিয়া মুকলি আকাশৰ তলত গুৱাহাটী ডাবল মাৰ্ডাৰৰ খলনায়িকা বন্দনা কলিতা

0 33

গুৱাহাটীৰ চাঞ্চল্যকৰ ডাবল মাৰ্ডাৰৰ অভিযুক্ত বন্দনা কলিতাই লাভ কৰিলে জামিন । কামৰূপ মহানগৰ সত্ৰ ন্যায়াধীশৰ আদালতত গুৱাহাটী ডাবল মাৰ্ডাৰৰ খলনায়িকা বন্দনা কলিতাৰ জামিন মঞ্জুৰ কৰা হৈছে। অৱশ্যে, কিছুমান চৰ্ত সাপেক্ষে আদালতে বন্দনা কলিতাৰ জামিন মঞ্জুৰ কৰিছে। এই চৰ্ত সাপেক্ষে আদালতৰ অনুমতি অবিহনে বন্দনাই গৃহ জিলা এৰিব কোনো ঠাইলৈ যাব নোৱাৰিব। সপ্তাহত দুদিন নুনমাটি থানাত বন্দনা হাজিৰ হ’ব লাগিব। মন কৰিবলগীয়া যে, ইয়াৰ পূৰ্বেই বন্দনাই কৰা হত্যাকাণ্ডত সহায় কৰা এজন অভিযুক্ত ধনটি ডেকাই জামিন লাভ কৰিছিল। কিন্তু আন এজন অভিযুক্ত অৰূপ দাস এতিয়াও কাৰাগাৰতে আছে।বন্দনা কলিতা নামৰ এগৰাকী বিবাহিত মহিলাই অবৈধ প্ৰেমিক আৰু প্ৰেমিকৰ বন্ধুৰ সৈতে মিলি স্বামী অমৰজ্যোতি দে’ আৰু শাহুৱেক শংকৰী দে’ক হত্যা কৰিছিল। হত্যাৰ পিছত মৃতদেহ কাটি টুকুৰা–টুকুৰ কৰি মৃতদেহ ডাউকীত পথৰ দাঁতিৰ খাৱৈত পেলাই দিছিল। এই ঘটনাই সমগ্ৰ ৰাজ্য জোকাৰি গৈছে। ২০২২ চনৰ জুলাই-আগষ্ট মাহত এই লোমহৰ্ষক ঘটনা সংঘটিত হৈছিল।

Leave A Reply

Your email address will not be published.