মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ ‘খাইৰ প্ৰকাশন’ৰ উদ্যোগত ২০১৫ চনৰ ১০ জানুৱাৰীৰ পৰা প্ৰতি ইংৰাজী মাহৰ ১০ তাৰিখে নিয়মীয়াকৈ অনুষ্ঠিত হৈ অহা সম্প্ৰীতিৰ অভিনৱ কাব্যানুষ্ঠান ‘বাটৰ কবিতা’ আজি আবেলি ৪ বজাত মৈৰাবাৰী কলেজ ৰোডত ‘খাইৰ প্ৰকাশন’ৰ কাৰ্যালয়ৰ সন্মুখত অনুষ্ঠিত হৈ যায়। বিশিষ্ট কবি, লেখক ৰেকিবুল আজাদৰ সঞ্চালনাত অনুষ্ঠিত এই ব্যতিক্ৰমী কাব্যানুষ্ঠানটিৰ উদ্দেশ্য ব্যাখ্যা কৰে কবি, লেখক খাইৰুল ইছলামে। অনুষ্ঠানত স্বৰচিত কবিতা পাঠ কৰে ক্ৰমে কবি খাইৰুল ইছলাম, কবি মুহাম্মাদ আফজাল, কবি ৰেকিবুল আজাদ, স্কুলীয়া ছাত্ৰ মুহাম্মাদ ফাহিম আৰু কবি আশ্ৰাফুল হকে আৰু গীত পৰিৱেশন কৰে শিক্ষক জিন্নাতুল ইছলামে। শেষত শিক্ষক তথা সমাজ কৰ্মী জহিৰুল ইছলামে ‘বাটৰ কবিতা’ৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিবলৈ সকলোৰে সহায়-সহযোগিতা কামনা কৰে। স্মৰ্তব্য যে তৰুণ কবিৰ প্ৰতিভা বিকাশৰ উৎকৃষ্ট ক্ষেত্ৰ এই মাহেকীয়া কাব্যানুষ্ঠানটিত অংশগ্ৰহণ কৰিব বিচৰা আগ্ৰহী কবিসকলে অনুষ্ঠানটিৰ যুটীয়া সমন্বয়ক ক্ৰমে খাইৰুল ইছলামক ৮৪৮৬২-৮৯৪৫৪ আৰু মুহাম্মাদ আফজালক ৯৫০৮১-৫৩৮০২ ফোন নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোক্তা খাইৰ প্ৰকাশনে আহ্বান জনাইছে।