৩০ দিনৰ ভিতৰত সলনি হ’ব জীৱন! এইকেইটা জীৱনশৈলী মানি চলক

পৰিৱৰ্তিত আৰু উন্নত জীৱনশৈলীৰ বাবে সকলোৱে চিন্তিত। প্ৰতি সোমবাৰে পাঁচ মিনিট দেৰিকৈ অফিচ পোৱাৰ সময়ত বহুতে ভাবে যে ৰাতি সোনকালে শুবলৈ গ’লে ৰাতিপুৱা সময়ত উঠিব পাৰিব।পৰিকল্পনা অনুসৰি যাব নোৱাৰাটো নিশ্চিতভাৱে অস্বস্তিৰ কাৰণ। নিজকে সলনি কৰিব বিচাৰিলে শক্তি আৰু একাগ্ৰতাৰ প্ৰয়োজন। কি কৰিব লাগে…
দিনটোত ৮ ঘণ্টা শুৱাটো নিশ্চিত কৰক। ৰাতিৰ ভাল টোপনিয়ে আপোনাক ভাল দিন এটা দিব পাৰে।
দিনটোৰ আৰম্ভণি কৰক এগিলাচ পানীৰে। গোটেই দিনটোত কমেও ২-৩ লিটাৰ পানী খাব লাগে।
ব্যায়াম কৰিবলৈ নাপাহৰিব। ঘৰৰ বাহিৰত সূৰ্যৰ পোহৰৰ পৰা পোৱা ভিটামিন ডিয়ে আপোনাক দিনটোৰ ভিতৰত সক্ৰিয় কৰি ৰাখিব। ইয়াৰ উপৰিও ই আপোনাৰ ওজন নিয়ন্ত্ৰণত ৰাখিব। আপোনাৰ হৃদযন্ত্ৰৰ ভালে থাকিব।
অলপ কষ্টকৰ হ’লেও খাদ্যৰ পৰা চেনি আঁতৰাই পেলাওক। ফাষ্ট ফুড জাংক ফুডতো প্ৰচুৰ পৰিমাণে চেনি থাকে যিয়ে শৰীৰত অতিশয় প্ৰভাৱ পেলায়। পুষ্টিকৰ খাদ্য খাব লাগে।
দিনটোত এঘণ্টা কিতাপ এখন পঢ়ক। আপোনাৰ পছন্দৰ যিকোনো কিতাপ। পঢ়াৰ পিছত ডায়েৰীত প্ৰিয় শাৰী লিখা। মনত ৰাখিব যে সকলো অভিজ্ঞতাই আপোনাক জীৱনত আগবাঢ়ি যোৱাত সহায় কৰিব।

AssamDaily time axomGuwahatiInternationalNew Delhi
Comments (0)
Add Comment