গুৱাহাটী মহানগৰীত বৃদ্ধ পিতৃ-মাতৃক ৰামঠগন একমাত্ৰ কন্যাৰ!

গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক নিৰ্লজ ঘটনা।নিজ জীয়ৰীৰ ধনৰ লালসাৰ বাবে সৰ্বশান্ত হ’ল এহাল বৃদ্ধ পিতৃ-মাতৃ। কেৱল ধনেই নহয়, বেংকৰ লকাৰত থকা ৪০ তোলা সোণ লৈ উধাও হ’ল নিজ জীয়ৰী।লগতে মহানগৰীৰ হাতীগড় চাৰিআলিৰ গীতানগৰ হাইস্কুলৰ সমীপৰ নবীন ইনক্লেৱৰ চতুৰ্থ মহলাৰ 4E নম্বৰৰ পিতৃৰ ফ্লেটটো বেংকত বন্ধক দি কন্যাই ১২ লাখ টকাৰ ঋণো লৈছিল। অভিযোগ অনুসৰি, ৰাজস্থানৰ জোঁৱাই দুলাল কুমাৰ দাসৰ লগত মিলি এই প্ৰবঞ্চনা কৰিলে জীয়ৰী অংগীৰা কাশ্যপে। ঘৰ বন্ধকত ৰাখি মাতৃৰ নামত বেংকৰ পৰা ঋণ লৈছিল অংগীৰাই। ONGC ত কাৰ্যবাহী অভিযন্তাৰ চাকৰি কৰিছিল অংগীৰাৰ পিতৃয়ে। বৰ্তমান জীয়ৰীৰ কৰ্মকাণ্ডত পানীত হাঁহ নচৰা অৱস্থা পিতৃ-মাতৃৰ। বেংকৰ ঋণে প্ৰতিটো মুহূৰ্ততে বিপদত পেলাইছে বৃদ্ধ পিতৃ-মাতৃক।নিজ জীয়ৰীৰ কৰ্মকাণ্ডত অতিষ্ঠ হৈ গীতানগৰ আৰক্ষীৰ কাষ চাপিছে দুৰ্ভগীয়া পিতৃ-মাতৃ। জানিব পৰা মতে অংগীৰা LLB ডিগ্ৰী ধাৰী কন্যা অংগীৰা কাশ্যপ এগৰাকী কন্ঠশিল্পীও আছিল।

AssamAssamese NewsbollywoodDaily time axomDeathGuwahatiIndiaInternationalNew Delhi
Comments (0)
Add Comment