মহানগৰীৰ এটা এপাৰ্টমেণ্টত উদ্ধাৰ এগৰাকী যুৱতীৰ মৃতদেহ

গুৱাহাটী মহানগৰীৰ এক চাঞ্চল্যকৰ ঘটনাই সমগ্ৰ অঞ্চলবাসীক জোকাৰি গৈছে। ছয়মাইলৰ পূৰ্বাচা এপাৰ্টমেণ্টৰ এটা ফ্লেটত উদ্ধাৰ কৰা হয় এগৰাকী যুৱতীৰ মৃতদেহ। বিচনাত পৰি থকা অৱস্থাত মৃতদেহটো উদ্ধাৰ কৰা হয় মৃতদেহটো । এপাৰ্টমেণ্টৰ আৱাসীয়ে আৰক্ষীক অৱগত কৰাৰ পিছতে ঘটনাস্থলীত দিছপুৰ আৰক্ষী উপস্থিত হয়। বৰ্তমান মৃতদেহ মৰোণোত্তৰ পৰীক্ষাৰ বাবে GMCHলৈ প্ৰেৰণ কৰা হৈছে।জানিব পৰা মতে, উদ্ধাৰ হোৱা মৃতদেহটো বোকাজানৰ অঞ্জু দৰ্জীৰ নামৰ যুৱতী এগৰাকীৰ। অঞ্জুয়ে মণি খান নামৰ এজন যুৱকৰ সৈতে এই এপাৰ্টমেণ্টত বাস কৰিছিল। কিন্তু দুইজনৰ আনুষ্ঠানিকভাৱে বিয়া হোৱা নাছিল। এইখিনিতে আশ্চৰ্যজনক কথা যে, অঞ্জুৰ মৃতদেহ উদ্ধাৰৰ পাছতেই মণিৰ মোৱাইল ফোন হঠাৎ বন্ধ হৈ পৰে আৰু যুৱকজনৰ কোনো শুংসূত্ৰও নোহোৱা হৈ পৰিছে। বৰ্তমানলৈকে যুৱতীগৰাকীৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই যদিও মৰণোত্তৰ পৰীক্ষাৰ পাছত সেয়া পোহৰলৈ আহিব। এতিয়া অঞ্জু পৰিয়াল তথা তেওঁ বাস কৰা এপাৰ্টমেণ্টৰ কাষৰ লোকসকলৰ উপৰিও সমগ্ৰ অঞ্চলজুৰি এই ঘটনাক লৈ বিভিন্ন প্ৰশ্নৰ উত্থাপন হৈছে।

AssamAssamese NewsbollywoodDaily time axomDeathGuwahatiIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment