Daily Time Axom

পুনৰ শৰাইঘাট দলঙত অঘটন!

0 52

শৰাইঘাট দলংত সংঘটিত হৈছে পুনৰ এক অঘটন । আজি পুৰণা শৰাইঘাট দলংৰ পৰা এজন লোকে জাঁপ দিয়াৰ সন্দেহ কৰা হৈছে। দলঙৰ ওপৰত বাহন ৰখাই ব্ৰহ্মপুত্ৰত মৰণজাঁপ দিয়া লোকজন বৰ্তমানলৈকে সন্ধানহীন হৈ আছে। লোক জনৰ সন্ধানত ইতিমধ্যে ব্ৰহ্মপুত্ৰত পাণ্ডু নদী আৰক্ষীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে।উল্লেখযোগ্য যে, ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে AS-01-AG-5321 নম্বৰৰ এখন ৱেগনৰ বাহনৰ লগতে বাহনখনৰ পৰা লোকজনৰ আধাৰ কাৰ্ড আৰু এটা মোবাইল ফোন উদ্ধাৰ কৰিছে। এই পৰিচয় পত্ৰৰ পৰা লোকজন ৰাজব্ৰত বৰা বুলি অনুমান কৰা হৈছে। মন কৰিবলগীয়া যে, লোকজন জীৱিত নে তেওঁৰ মৃত্যু হৈছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই। উদ্ধাৰকাৰী দলে তীব্ৰ গতিত লোকজনক উদ্ধাৰৰ বাবে নিয়োজিত হৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে নিজৰ তদন্ত অব্যাহত ৰাখিছে।ৰাজব্ৰত বৰাৰ জ্যেষ্ঠ কন্যাই সংবাদ মাধ্যমৰ সন্মুখত জনোৱা অনুসৰি, আজি পুৱা লোকজনে ঘৰৰ পৰা ওলাই যাওতে বগা টিচাৰ্ট আৰু সেউজীয়া ৰঙৰ পেন্ট পৰিধান কৰি আছিল। ৰাজব্ৰত এগৰাকী কনট্ৰেকটৰ আছিল বুলি তেওঁৰ কন্যাই জনায়। লগতে তেওঁৰ কন্যাই জালুকবাৰী আৰক্ষীক শীঘ্ৰেই পিতৃক বিচাৰিবলৈ আহ্বান জনাইছে।

Leave A Reply

Your email address will not be published.