Daily Time Axom

বিশ্বৰ এখন বিলাসী হোটেল ; এৰাতি কটোৱাৰ খৰচ ৮৪ লাখ টকা!

0 42

ভ্ৰমণৰ সময়ত সাধাৰণ মানুহে কি বিচাৰে? খাদ্য, পানীয়, জিৰণি আৰু সুৰক্ষা প্ৰদান কৰা হোটেল বিচাৰে। কিন্তু এইখিনিতে সকলোৱে সন্তুষ্ট নহয়। প্ৰায় সংখ্যক লোকেই আন বহু কিবা এটা বেছি বিচাৰে। এজনে ভাল হোটেলৰ স্থান, এয়াৰ কণ্ডিচনাৰ, পাৰ্কিং, ডিনাৰ প্লেচ, ভাল ব্ৰেকফাষ্ট, লাঞ্চ আৰু ডিনাৰ বিচাৰে। কিছুমানে জিম, চুইমিং পুল আদিৰ দৰে সুবিধা বিচাৰে।আনহাতে, কিছুমানে উপৰোক্ত ব্যৱস্থাৰ লগতে ৰাজকীয় অভ্যৰ্থনা আৰু বিলাসীতাৰ বাবে উপযুক্ত ঠিকনা বিচাৰে। পৃথিৱীৰ বিভিন্ন ঠাইত এনে অবিশ্বাস্য ৰাজকীয় বিলাসী হোটেল নিৰ্মাণ কৰা হৈছে। আপুনি জানি আচৰিত হ’ব যে পৃথিৱীৰ ভিতৰতে সৰ্বাধিক কোঠাৰ ভাড়াৰ এখন হোটেল আছে!হয়, , লাছ ভেগাছৰ পাম কেচিনো ৰিজৰ্টৰ এম্পাথি ছুইটটো বিলাসী বাসস্থান আৰু ভাড়াৰ বাবে বিখ্যাত। এই ছুইটত ৰাতি থকাৰ খৰচ পৃথিৱীৰ ভিতৰতে সৰ্বাধিক? খৰচঃ এম্পাথি ছুইটত এৰাতিৰ বাবে প্ৰায় ৮৪ লাখ টকা খৰচ হ’ব! অৱশ্যে ঋতু অনুসৰি ভাড়া বেছি হ’ব পাৰে।এই ছুইটটো কোনো সাধাৰণ ছুইট নহয়। এই দুমহলীয়া ছুইটটোৱে আপোনাক লাছ ভেগাছৰ আচৰিত দৃশ্যৰ সৈতে ৯,০০০ বৰ্গফুটৰ পেণ্টহাউছৰ অভিজ্ঞতা প্ৰদান কৰিব! ডেমিয়েন হিৰ্ষ্টৰ নাম সকলোৱে জানে। বিশ্ববিখ্যাত ব্ৰিটিছ শিল্পীগৰাকীয়ে এম্পাথি ছুইটৰ ডিজাইন কৰিছিল। ইতিমধ্যে এই শিল্পীগৰাকী নিজৰ খেয়ালী চিত্ৰকলাৰ বাবে অতি বিতৰ্কিত।এম্পাথি ছুইটত কিছুমান ব্যৱস্থা অন্তৰ্ভুক্ত কৰা হৈছে যিবোৰ আগতে কেতিয়াও দেখা পোৱা যোৱা নাই। উদাহৰণস্বৰূপে, জাকুজীত হট মেচেজ কৰি লাছ ভেগাছৰ সৌন্দৰ্য্য উপভোগ কৰিব পাৰি। ইয়াৰ উপৰিও আছে এটা অভাৰছাইজ মাষ্টাৰ বেডৰুম, অসংখ্য পানীয়ৰে ভৰপূৰ বাৰ, আৰু লাউঞ্জ! আছে ব্যক্তিগত পুল, বেলকনি, বিশাল কাঁচৰ খিৰিকী!অন্যান্য পৰিসেৱা: ২৪ ঘণ্টীয়া আপ্যায়ন সেৱা, ব্যক্তিগত ফিটনেছ ৰুম, মালিচ ৰুম। ভাগৰ দূৰ কৰিবলৈ ছল্ট বাথৰুমো আছে।নৈশ জীৱন উপভোগ কৰিব বিচৰাসকলৰ বাবে পাম কেচিনো ৰিজৰ্ট হ’ব পাৰে সৰ্বোত্তম গন্তব্যস্থান।

Leave A Reply

Your email address will not be published.