কলিয়াবৰ বৰঘুলীত অগ্নিকাণ্ড

কলিয়াবৰ বৰঘুলীত অগ্নিকাণ্ড। হঠাৎ জ্বলি উঠিল বিদ্যুৎ পৰিবাহি টাৰৰ খুটা। বিদ্যুৎ বিভাগৰ গাফিলটিৰ বাবেই বৰঘুলীত সঘনাই জুইৰ সূত্ৰপাত হৈ থকাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। লগতে অতি সোনকালে বিদ্যুৎ পৰিবাহি খুটাত খালি টাৰৰ পৰিবৰ্তে কেবুল টাৰৰ ব্যৱস্থা কৰিবৰ বাবে দাবী জনাইছে ৰাইজে। অৱশ্যে এই পৰ্য্যন্ত কোনো ক্ষয় ক্ষতিৰ খৱৰ পোহৰলৈ অহা নাই। উল্লেখ যে আজিৰ পৰা কেইবা মাহ মানৰ আগতে ও জুইৰ সূত্ৰ পাত হৈ সম্পূৰ্ণৰূপে জুইত জাহ গৈছিল বৰঘুলি বজাৰৰ কেইবাখনো দোকান।

AssamAssamese NewsbollywoodDaily time axomDeathGuwahatiIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment