জম্মু-কাশ্মীৰত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা।বাট’টে-কিষ্টৱাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ট্ৰুংগাল-আছাৰৰ সমীপত পথৰ পৰা প্ৰায় ৩০০ ফুট তললৈ বাগৰি পৰে এখন বাছ।যাৰ ফলত ৩৭ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আন ১৯ জন যাত্ৰী গুৰুতৰভাৱে আহত হয়। ঘটনাৰ পাছতে তাত্ক্ষণিকভাৱে উদ্ধাৰ অভিযান আৰম্ভ কৰা হয় আৰু যাত্ৰীসকলৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে বুলিও স্থানীয় বিষয়াসকলে সদৰী কৰে। লগতে আহত লোকসকলক কাষৰীয়া চিকিত্সালয়লৈ লগে লগে প্ৰেৰণ কৰা হয় বুলি উল্লেখ কৰে প্ৰশাসনিক বিষয়াসকলে। ইফালে জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰী মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও এই শোকাৱহ ঘটনাত প্ৰকাশ কৰি মৃতকৰ পৰিয়ালক সমবেদনা জনায়। এই ঘটনাত নিহতসকলৰ পৰিয়াললৈ ২ লাখ টকা আৰু আহতসকলৰ পৰিয়াললৈ ৫০ হাজাৰ টকাকৈ সাহাৰ্য ঘোষণা কৰে।