মৈৰাবাৰীৰ হাতীমূৰীয়াত বুজন পৰিমাণৰ চোৰাং কাঠ জব্দ

নগাঁও-মৰিগাঁৱৰ সীমান্তত মৈৰাবাৰী আৰক্ষীৰ এটি দলে AS-02-AC-9749 নম্বৰৰ এখন বাহনেৰে অৰুণাচলৰ পৰা অবৈধ ভাবে চোৰাং কাঠ কঢ়িয়াই মৈৰাবাৰীলৈ অভিমূখে আহি থকাৰ সময়ত মৈৰাবাৰী আৰক্ষীয়ে জব্দ কৰে।এক গোপন খবৰৰ ভিত্তিত মৈৰাবাৰী আৰক্ষী থানাৰ পৰিদৰ্শক পংকজ দাসৰ নেতৃত্বত চলিছিল এই অভিযান। উক্ত অভিযানত প্ৰায় এক লাখ টকা মূল্যৰ চোৰাং কাঠ জব্দ কৰাৰ লগতে তিনিজন যুৱকক আটক কৰিবলৈ সক্ষম হয়।যুৱক তিনিজন ক্ৰমে :ৰিয়াজুল হক,আচ্ছাদুল ইছলাম,আৰু শাহজামাল আলি। তিনিওজনৰে ঘৰ মৈৰাবাৰীৰে হাতীমূৰীয়া গাঁৱত বুলি জানিব পৰা গৈছে।

AssamAssamese NewsbollywoodDaily time axomDeathInternationalNew DelhiWorld
Comments (0)
Add Comment