মৰিগাঁৱৰ দলবাৰীত এগৰাকী কলেজীয়া ছাত্ৰীৰ ওপৰত ছুৰিকাঘাতৰ ঘটনা। কলেজলৈ গৈ থকাৰ অৱস্থাত ছাত্ৰীগৰাকীক মুখত সোপা দি দুই যুৱকে চুৰীৰে আক্ৰমণ কৰে। আহত ছাত্ৰীগৰাকীৰ মৰিগাঁৱৰ জ্ঞানদ্বীপ চিনিয়ৰ ছেকেণ্ডাৰী কলেজৰ ছাত্ৰী বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, ঘৰৰ পৰা ই-ৰিক্সাৰে কলেজলৈ আহি থাকোতে উক্ত ই-ৰিক্সাখনতে অহা দুজন যুৱকে প্ৰথমে ছাত্ৰীগৰাকীক মুখত খোপা মাৰি ধৰে আৰু ছুৰিৰে আক্ৰমণ কৰে বুলি অভিযোগ উৎত্থাপন হৈছে। বৰ্তমান আহত ছাত্ৰীগৰাকীক মৰিগাঁও চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্তত আৰম্ভ কৰিছে।