ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা।নিশা নগাঁৱৰ জুৰীয়াত আৰক্ষী আৰু ডকাইতৰ সংঘৰ্ষ।আৰক্ষীৰ গুলীত আহত ৰাজু আহমেদ নামৰ এটা দুধৰ্ষ ডকাইত। নগাঁও আৰক্ষীৰ এটা বৃহৎ দলে গোপন সূত্ৰৰ পম খেদি চলাইছিল অভিযান। আৰক্ষীৰ দললৈ লক্ষ্য কৰি গুলীয়াইছিল ৰাজু আহমেদে। প্ৰত্যুত্তৰত আৰক্ষীৰ দলটোৱে গুলীচলনা কৰাত ভৰিত গুলী লাগে ৰাজু আহমেদৰ। আৰক্ষীয়ে উদ্ধাৰ কৰিছে এটা 7.65MMপিষ্টল। গুলীবিদ্ধ ৰাজু আহমেদক নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।