৫০ কোটি টকা বিচৰাৰ পিছতো ‘বৰ্ডাৰ ২’ত থাকিব ছানী, আয়ুষমান খুৰানাও থাকিব

চলিত বৰ্ষৰ আৰম্ভণিৰে পৰা বলিপাৰাৰ দেওল পৰিয়ালৰ মাজত আলোচনা চলি আছে। বছৰৰ আৰম্ভণিতে ছানী দেউলৰ পুত্ৰ কৰ্ণ দেউলৰ বিয়া হৈছিল। তাৰ পিছত বলীউডৰ প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰই কৰণ জোহৰৰ পৰিচালনাত নিৰ্মিত ‘ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানি’ ছবিৰে পুনৰ আৱিৰ্ভাৱ ঘটায়। ইয়াৰ পিছত ছানী নিজেই শিৰোনামত আহিল। সৌজন্যত তেওঁৰ ছবি ‘গদৰ ২’। ২০০১ চনত মুক্তি লাভ কৰিছিল অনিল শৰ্মাৰ পৰিচালনাৰে নিৰ্মিত ছবি ‘গদৰ’। ভাৰতৰ তাৰা সিং আৰু পাকিস্তানৰ ছাকিনাৰ প্ৰেম কাহিনীয়ে দৰ্শকৰ মনত স্থান লাভ কৰিছিল। প্ৰায় ২২ বছৰৰ পাছত ১১ আগষ্টত ছবিগৃহত মুক্তি পালে ‘গদৰ ২’। মুক্তিৰ পিছত ছবিখনে প্ৰায় ৫০০ কোটি টকাৰ ব্যৱসায় কৰিছিল। তেতিয়াৰ পৰাই ছবি নিৰ্মাতাসকলে ছানীৰ সৈতে কাম কৰিবলৈ হুলস্থুল কৰি আহিছে। ‘গাদৰ ২’ৰ পিছত এইবাৰ ‘বৰ্ডাৰ ২’ত কাম কৰিবলৈ ওলাইছে ছানীয়ে।

‘বৰ্ডাৰ’ৰ পৰিচালক জে পি দত্তৰ সৈতে পুনৰ টিম আপ কৰিছে ছানীয়ে। ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ প্ৰেক্ষাপটত ‘বৰ্ডাৰ ২’ ছবিখনৰ চিত্ৰনাট্য কৰা হৈছে। বিগত দুই-তিনি বছৰে ছবিখনৰ বিষয়ে নিৰ্মাতাসকলে চিন্তা-চৰ্চা কৰি আছে। ‘গদৰ ২’ৰ সফলতাৰ পিছত অৱশেষত ছানীয়ে ‘বৰ্ডাৰ ২’ৰ বাবে সন্মতি দিছে যদিও সেই ছবিখনৰ বাবে তেওঁ ৫০ কোটি টকাৰ মাচুল দাবী কৰিছে। অৱশ্যে নিৰ্মাতাসকলো পিছ পৰি থকা নাই। ‘গদৰ ২’ৰ সফলতাৰ পিছত ছানীয়ে তেওঁৰ মাচুল বৃদ্ধি কৰে। উল্লেখ্য যে কেৱল ছানিয়েই নহয়, অভিনেতা আয়ুষমান খুৰানাকো ছানীৰ সৈতে ‘বৰ্ডাৰ ২’ত দেখা যাব। শুনা গৈছে যে এই ছবিখনত সুনীল শ্বেট্টীৰ পুত্ৰ নৱাগত আহন শ্বেট্টীকো দেখা যাব।

AssamAssamese NewsDaily time axomIndiaInternationalWorld
Comments (0)
Add Comment