শিৱসাগৰ জিলাৰ নাজিৰাত বাচক বণিয়া সাজ সজ্জাৰে দিখৌ নদীৰ পাৰত জিলিকাই তুলিছে ষঠ পূজাৰ আয়োজনৰ প্ৰস্তুতি ।
শ্ৰী শ্ৰী সূৰ্যষষ্ঠী ব্ৰতৰ মাংগলিক শুভ আগমনৰ ক্ষণত পৰম্পৰাগত ভাৱে বিগত কেইবছৰৰ দৰে এইবাৰো শ্ৰী শ্ৰী ষঠ পূজা সমিতি আৰু নাজিৰাবাসী ৰাইজৰ সহযোগত অহা ১৯ আৰু ২০ নৱেম্বৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী শ্ৰী ষঠ পূজাৰ পূৰ্ণ প্ৰস্তুতি কৰা হৈছে । নাজিৰা দিখৌ নদীৰ পূজা ঘাটত আয়োজিত এই সূৰ্য দেৱতাৰ পূজাৰ লগত সংগতি ৰাখি প্ৰথম দিনা পুৱা ১০ বজাৰ পৰা শ্ৰী শ্ৰী সূৰ্য দেৱতাৰ মূৰ্তি স্থাপন তথা পূজা আঁৰতি , বিয়লি অৰ্ঘ্য ও আৰতিৰ লগতে নাজিৰা খেল পথাৰত বিশ্বকাপ ক্ৰিকেটৰ ফাইনেল খেলৰ পোনপটীয়া সম্প্ৰচাৰ ,নিশা বোলছবি প্ৰদৰ্শন আৰু বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব । দ্বিতীয় দিনা পুৱা অৰ্ঘ , যজ্ঞ , আৰতি আৰু প্ৰতিমূৰ্তি বিসৰ্জন দিয়া হ’ব। উক্ত দুয়োদিনৰ সমূহ কাৰ্যসূচীতে নাজিৰাবাসী ৰাইজৰ উপস্থিত কামনা কৰিছে উদ্যোক্তাসকলে।
নাজিৰাৰ নয়নমণি ভৰদ্বাজৰ প্ৰতিবেদন ।