শিৱসাগৰত কৰ্মবিৰতীৰে পৌৰ সভাৰ চতুৰ্থ বৰ্গ কৰ্মচাৰীৰ বিক্ষোভ

✍️অনিদিষ্ট কালৰ বাবে কাম নকৰাৰ হুংকাৰ

বিগত দুদিনৰ পৰা কৰ্মবিৰতি পালন কৰি অহা শিৱসাগৰ পৌৰ সভাৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে একাধিক গুৰুত্বপূৰ্ণ দাবী ৰূপায়ণৰ স্বাৰ্থত আজি চহৰ খন পৰিস্কাৰ কৰাৰ পৰা বিৰত থাকি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে | প্ৰায় অৰ্ধ শতাধিক চতুৰ্থ বৰ্গৰ অস্থায়ী চাফাই কৰ্মীয়ে কালি পুৱাৰে পৰা নিয়মিত কৰি অহা চাফাই কামৰ পৰা আতৰি থাকি পৌৰ সভাৰ বিৰুদ্ধে কেতবোৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰে | আজি তৃতীয় দিনা নগৰৰ বৰপুখুৰী পাৰত সাব্যস্ত কৰা প্ৰতিবাদস্থলীত সংবাদ-মাধ্যমৰ সন্মুখত হাতে হাতে বাঢ়নী লৈ চতুৰ্থ বৰ্গৰ কৰ্মী সকলে শিৱসাগৰ পৌৰ সভাৰ অন্যায়, অবিচাৰ- অমানৱীয় আচৰণৰ সন্দৰ্ভতো অভিযোগ উত্থাপন কৰে | কৰ্মচাৰী সকলৰ অভিযোগ অনুসৰি প্ৰায় বিশ বছৰ ধৰি শিৱসাগৰ পৌৰ সভাত অস্থায়ী চাফাই কৰ্মী হিচাবে নিয়োজিত মঞ্জু পাংগিং নামৰ দিচাংমুখৰ নিবাসী কৰ্মচাৰী গৰাকী আজিৰ পৰা তিনিটা মাহৰ পূৰ্বে উৎকট গৰমত কৰ্তব্য সম্পাদন কৰি ঘৰ গৈ পোৱাৰ পিছতেই আকস্মিক ভাৱে মৃত্যু মুখত পৰিছিল | যি সময়ত সতীৰ্থ কৰ্মচাৰী গৰাকীৰ মৃত্যুত চাফাই কৰ্মীসকল ব্যথিত হৈ পৰিছিল | সেই সময়ত কিন্তু শিৱসাগৰ পৌৰ সভাৰ পৌৰ পতি প্ৰমুখ্যে কোনো এগৰাকী নিৰ্বাচিত প্ৰতিনিধিয়ে উক্ত দুৰ্ভগীয়া পৰিয়ালটোৰ খবৰ এটা নল’লে | আন নালাগে সকামৰ বাবেও পৌৰ কৰ্তৃপক্ষই সামান্য বৰঙণি পৰিয়ালটোক আগনবঢ়ালে | যি ঘটনাই চাফাই কৰ্মী সকলক ক্ষুণ্ণ কৰি তোলাৰ লগতে পৌৰ কৰ্তৃপক্ষৰ এইয়া এক অমানৱীয় আচৰণ হিচাবে আখ্যা দিয়ে | ইফালে পৌৰ সভাৰ চাফাই কৰ্মীৰ চাকৰি নিয়মীয়াকৰণ নকৰা তথা দৰমহা বৃদ্ধি নকৰা, দৈনিক মজুৰি বৃদ্ধি নকৰাৰ ওপৰিও আন এক গুৰুত্বৰ অভিযোগ উত্থাপন কৰে | চাফাই কৰ্মীসকলে কৰা অভিযোগ অনুসৰি সমগ্ৰ চহৰ খনৰ ১৪ টা ৱাৰ্ড নিয়মিত চাফাই কৰিবৰ বাবে যি প্ৰায় ষাঠী গৰাকীমান কৰ্মচাৰী আছে | যদিও সেইয়া পৰ্য্যাপ্ত নহয় | কিন্তু শেহতীয়াকৈ আয়ুক্তৰ কাৰ্য্যালয়ৰ লগতে আন এটা চৰকাৰী কাৰ্য্যালয়ৰ চাফ চিকুণৰ কামত কৰ্মচাৰী সকলক নিয়োগ কৰাৰো অভিযোগ তুলিছে | বিশেষকৈ চিকিৎসাকে আদি কৰি কোনো ধৰণৰ ভাট্টা লাভ নকৰা চাফাই কৰ্মী সকলৰ নূন্যতম সুবিধা, সেৱা তথা মজুৰি পৰ্য্যাপ্ত উপলদ্ধ নোহোৱাৰ বাবেই এনে দৰে প্ৰতিবাদত নমা কৰ্মচাৰী সকলে বিশাল পৰিমাণৰ কৰ লাভ কৰা পৌৰ সভাই চাফাই কৰ্মী সকলক কিয় পৰ্য্যাপ্ত সুবিধা আদায় দিব নোৱাৰে বুলি প্ৰশ্ন উত্থাপন কৰে | আনহাতে পুৱাই চাফাই কৰ্মী সকলৰ প্ৰতিবাদৰ কথা জানিব পাৰি পৌৰ সভাৰ এটা প্ৰতিনিধি দল প্ৰতিবাদস্থলীত উপস্থিত হয় কৰ্মচাৰী সকলক বুজনি দিয়াৰ চেষ্টা চলাই | যদিও দাবী পূৰণ নোহোৱা পৰ্য্যন্ত প্ৰতিবাদ চলাই নিয়াৰ হুংকাৰ প্ৰদান কৰে চতুৰ্থ বৰ্গ কৰ্মচাৰীয়ে |

AssamAssamese NewsDaily time axomIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment