Daily Time Axom

অৰুণাচলত দুৰ্ঘটনাত মৃত্যু অসমৰ চাৰিজন  লোকৰ

0 32

অৰুণাচল প্ৰদেশত ভয়াৱহ দুৰ্ঘটনা। দুৰ্ঘটনাত মৃত্যু অসমৰ চাৰিজন লোকৰ। পাহাৰৰ পৰা প্ৰকাণ্ড শিল গাড়ীৰ ওপৰত বাগৰি পৰাৰ ফলত থিতাতে মৃত্যু হয় চাৰিজন লোকৰ। ১৩নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনা। ভূমিস্খলনৰ ফলতে সংঘটিত হয় এই দুৰ্ঘটনাটো।অৰুণাচল প্ৰদেশৰ পৰা এক ধৰ্মীয় অনুষ্ঠান সামৰি লোককেইজনে ঘৰলৈ ওভতাৰ পথতে সংঘটিত হয় এই দুৰ্ঘটনা। ভূমিস্খলনৰ ফলত তেওঁলোকৰ গাড়ীৰ ওপৰত বাগৰি পৰে এজন প্ৰকাণ্ড শিল। যাৰ ফলত থিতাতে মৃত্যু হয় চাৰিওজন লোকৰ। দুৰ্ঘটনাত পতিত ৱাগন-আৰ বাহনখনৰ নম্বৰ AS 16J 0871। অৰুণাচলৰ মুৰী মুগলী আৰু গেমীৰ মাজত দুৰ্ঘটনা সংঘটিত হয়।

Leave A Reply

Your email address will not be published.