বঙাইগাঁওৰ গেৰুকাবাৰীত ভয়াৱহ পথ দুৰ্ঘটনা।গেৰুকাবাৰীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত বৰপেটা অভিমুখী AS 01 NC -7760 নম্বৰৰ EXPLOSIVE VAN এ মহতিয়াই নিলে দুখনকৈ দোকান।এই দুৰ্ঘটনাত স্কুলীয়া ছাত্ৰীসহ গুৰুতৰভাৱে আহত ৮ গৰাকী লোক।আহত সকল ক্ৰমে বঙাইগাঁও জিলাৰ বেকাৰচকৰ নিৱাসী তথা গেৰুকাবাৰী হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰী চালেহা খাতুন, ১ নং ঝাৰাগুৰীৰ মুতালেম তালুকদাৰ(৩৫), মানিকপুৰ নোৱাপাৰাৰ সুকুমাৰ আৰ্য্য(৪৫), গেৰুকাবাৰীৰ পুৰ্নিমা ৰায় (৩৪), চিৰাঙৰ বিজনীৰ ২ নং ৱাৰ্ড কাবুলিবাগানৰ মানিক সাহা(৪০), কাৱাটিকাৰ ৰামচন্দ্ৰ সৰকাৰ(৪০), ৰাকেশ সৰকাৰ(২৩), অক্সিগুৰীৰ টেক বাহাদুৰক(২৮)।ইয়াৰে বিজনীৰ অক্সিগুৰীৰ টেক বাহাদুৰ, কাৱাটিকাৰ ৰামচন্দ্ৰ সৰকাৰ, মানিকপুৰ নোৱাপাৰাৰ সুকুমাৰ আৰ্য্যক উন্নত চিকিৎসাৰ বাবে বঙাইগাঁও আৰু কাজলগাওলৈ প্ৰেৰণ কৰে। ইফালে গেৰুকাবাৰী চকত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত উৰনীয়া সেতু নিৰ্মাণৰ লগতে ট্ৰাফিকৰ ব্যৱস্থা গ্ৰহণৰ দাবীত বৃহত্তৰ গেৰুকাবাৰী ৰাইজে পথ অৱৰোধ কৰে।আনহাতে আৰক্ষীয়ে গাড়ীখনৰ চালকক আটক কৰিছে যদিও চালকৰ পৰিচয় লাভ কৰা নাই।