বিশ্বকাপ ট্রফীটোৰ মূল্য কিমান?আপুনি বাৰু জানেনে?

দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপৰ মেগা ফাইনেলত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মুখামুখি হ’ব। ১৪০ কোটি লোকৰ এখন দেশে ঘৰুৱা খেলপথাৰত তৃতীয়বাৰৰ বাবে ভাৰতক এদিনীয়া ক্ৰিকেটত বিশ্বৰ শ্ৰেষ্ঠ ক্ৰিকেট টীম হিচাপে পৰিগণিত হোৱাৰ বাবে অপেক্ষা কৰি আছে।সমগ্ৰ দেশে ৰোহিত শৰ্মাৰ হাতত সোণৰ ট্ৰফী চাব বিচাৰে। একেদৰে বিশ্বকাপ ট্ৰফীৰ বিষয়ে বিভিন্ন কথা জানিবলৈ অনুৰাগীৰ কৌতুহল কম নহয়। বহুতে নাজানে বিশ্বকাপৰ ট্ৰফীত কিমান সোণ-ৰূপ আছে, ইয়াৰ ওজন কিমান, ট্ৰফীৰ মূল্য কিমান। যদিও ১৯৭৫ চনত ক্ৰিকেট বিশ্বকাপ আৰম্ভ হৈছিল, কিন্ত এই ট্ৰফী বৰ্তমানৰ দৰে দিয়া হোৱা নাছিল। বৰ্তমানৰ এই ট্ৰফীটো ১৯৯৯ চনৰ পৰাই চলি আহিছে। ইয়াৰ পূৰ্বে প্ৰতিখন বিজয়ী দেশক সুকীয়াকৈ ডিজাইন কৰা ট্ৰফী প্ৰদান কৰা হৈছিল। ১৯৯৯ চনৰ আগতে ICCয়ে স্থায়ী ট্ৰফী বুলি বিবেচনা কৰিছিল।আই চি চিয়ে বিচাৰিছিল এটা ব্যতিক্ৰমী টফী, যিয়ে একেলগে ক্ৰিকেটৰ আদৰ্শ আৰু বিশ্বব্যাপী ভাতৃত্ববোধক প্ৰকাশ কৰিব। ট্ৰফীটোৰ ডিজাইন কৰিছিল শিল্পী জো ক্লাৰ্কে। ট্ৰফীৰ ওপৰত এটা গোলাকাৰ গ্ল’ব ৰখা হয়। যিয়ে একেলগে বল আৰু পৃথিৱীক বুজায়। সোণ আৰু ৰূপ ব্যৱহাৰ কৰি তৈয়াৰ কৰা হয়। তিনিটা ৰূপৰ ষ্টাম্প, বে’ল, বৃত্তাকাৰ ডিস্কত লগোৱা আছে।বিশ্বকাপ ট্ৰফীৰ মুঠ ওজন ১১ কেজি। ট্ৰফীৰ উচ্চতা ৬০ চে.মি. বিশ্বকাপৰ ট্ৰফীত বলটোৰ ওজন প্ৰায় ৪ কেজি। সোণ আৰু ৰূপ ব্যৱহাৰ কৰি তৈয়াৰ কৰা হৈছে। বৃত্তাকাৰ ডিস্কত লগোৱা ৰূপৰ তিনিটা ষ্টাম্প বে’ল। এই বিশ্বকাপ ট্ৰফীৰ তলত আছে ICCৰ ল’গ’।পৰৱৰ্তী সময়ত শিল্পী ডেভিদে গ্ল’বৰ ওপৰত পৃথিৱীৰ মানচিত্ৰ খোদিত কৰিছিল। কিন্তু বহুতে হয়তো ভাবিব পাৰে যে বিশ্বকাপৰ ট্ৰফী সম্পূৰ্ণৰূপে সোণ বা ৰূপৰ। এইটো এটা ভুল ধাৰণা। মূলতঃ ট্ৰফীটোৰ ৰং আৰু স্থায়িত্ব বৃদ্ধিৰ বাবে সোণ-ৰূপৰ পানীত কেইবাবাৰো ডুবাই দিয়া হৈছে। অৰ্থাৎ সোণ পানীত চৰোৱা হৈছে।এতিয়া আহোঁ বিশ্বকাপৰ ট্ৰফীৰ দাম অৰ্থাৎ ট্ৰফী বনাবলৈ কিমান খৰচ হৈছিল। বৰ্তমানৰ ট্ৰফীটো বনাবলৈ ৩০ হাজাৰ মাৰ্কিন ডলাৰ বা ২৫ হাজাৰ ব্ৰিটিছ পাউণ্ড খৰচ হৈছিল। ভাৰতীয় টকাত ক্ৰিকেট বিশ্বকাপ ট্ৰফীটোৰ খৰচ প্ৰায় ২৫ লাখ টকা। ১৯৯৯ চনৰ পৰা এই ট্ৰফীত বছৰ আৰু চেম্পিয়ন দেশৰ নাম লিখা আছে। ট্ৰফীত এতিয়াও ১১টা স্থান বাকী আছে। তাৰ পিছত এই ট্ৰফী সলনি কৰিব লাগিব।

AssamAssamese NewsbollywoodDaily time axomDeathGuwahatiIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment