Daily Time Axom

বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ দুখ সহিব নোৱাৰি যুৱকৰ মৃত্যু

0 42

গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। বিশ্বকাপত ভাৰত পৰাজিত হোৱাৰ দুখতে প্ৰাণ হেৰুৱালে এজন ২১ বছৰীয়া যুৱকে! দেওবাৰে বিশ্বকাপৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈছিল ভাৰত। আশাহত হৈ পৰিছিল কোটি কোটি ক্ৰিকেট অনুৰাগী।আন অনুৰাগীৰ দৰে গুৱাহাটীতৰ সাওকুছিৰ এই যুৱক জনো অত্যন্ত শোকাহত হৈ পৰিছিল। নিশা কান্দি কান্দি ভাত-পানী নোখোৱাকৈয়ে শুই পৰিছিল যুৱকজন।নিশা হয়তো টোপনি অহা নাছিল যুৱক জনৰ।পৰিয়ালৰ লোকে জনোৱা মতে, নিশা কেইবাবাৰো বিচনাৰ পৰা উঠিছিল যুৱকজন। তাৰ পিছত পৰিয়ালৰ লোকে কোঠাত মৃণালক চাবলৈ যোৱাত অচেতন হৈ আছিল তেওঁ। লগে লগে পৰিয়ালৰ লোকে মৃণালক হাস্পতাললৈ লৈ যায়। হায়াত হাস্পতালত মৃণালক ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। বৰ্তমান যুৱকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। এই ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। মৃত ছাত্ৰজন নাম আছিল মৃণাল মজুমদাৰ। মৃত মৃণাল মজুমদাৰ বিৰুবাৰীৰ আইটিআইৰ ছাত্ৰ আছিল। পৰিয়ালৰ লোকে জনোৱা মতে, কোনো ধৰণৰ ৰোগত আক্ৰান্ত নাছিল মৃণাল। ক্ৰিকেটৰ শোকতে যুৱকজনে প্ৰাণ হেৰুওৱা বুলি দাবী কৰিছে পৰিয়ালৰ লোকে। অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনতহে স্পষ্ট হ’ব যুৱকজনৰ মৃত্যুৰ প্ৰকৃত কাৰণ।

Leave A Reply

Your email address will not be published.