বিহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা। মধেপুৰা জিলা দণ্ডাধীশ বিজয় প্ৰকাশ মীনাৰ গাড়ীয়ে মঙলবাৰে কেইবাজনো পথচাৰীক চেপি সংঘটিত কৰা দুৰ্ঘটনাত ৭ বছৰীয়া শিশুসহ ৩ জন লোকে প্ৰাণ হেৰুৱাইছে। আন এজন ব্যক্তি গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে ।
আৰক্ষীৰ সূত্ৰ অনুসৰি মধুবনী জিলাৰ ৫৭ নং ৰাষ্ট্ৰীয় ঘাইপথত মঙলবাৰে সংঘটিত হয় এই ঘটনা। জিলা উপায়ুক্তৰ গাড়ীখন দ্বাৰভংগাৰ পৰা মধেপুৰালৈ আহি আছিল। হঠাতে চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই পথচাৰীক খুন্দা মাৰে।
দুৰ্ঘটনাত থিতাতে মৃত্যু হয় তিনিজন লোকৰ। আৰক্ষীয়ে জনোৱা মতে, দুৰ্ঘটনাৰ সময়ত জিলা দণ্ডাধীশ গাড়ীখনত নাছিল। তেওঁ মুখ্য কাৰ্যালয়ত আছিল। গাড়ীখনৰ যান্ত্ৰিক দোষৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হয় ।