অমিতাভ-শ্বাহৰুখ নহয়, ছলমান আহি আছে কলকাতা চলচ্চিত্ৰ মহোৎসৱলৈ

ডিচেম্বৰ মাহৰ পৰা আৰম্ভ হ’ব কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ। ৫ তাৰিখৰ পৰা ১২ তাৰিখলৈ চলিব এই মহোৎসৱ। বলীউডৰ অভিনেতা অমিতাভ বচ্চন-শ্বাহৰুখ খান নহয়, ছলমান খান এই উৎসৱলৈ অতিথি হিচাপে আহিব।

প্ৰতি বছৰে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ তত্বাৱধানত কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন কৰা হয়। মহোৎসৱৰ মুকলি সভাত অমিতাভ বচ্চন, জয়া বচ্চন, শ্বাহৰুখ খান আদিয়ে মঞ্চ শোভা বঢ়ায়। অৱশ্যে এইবাৰ চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰিব নোৱাৰিলে অমিতাভ-শ্বাহৰুখে।

শেহতীয়াকৈ মুখ্যমন্ত্ৰীগৰাকী মুম্বাইলৈ গৈছিল। তাতেই তেওঁ বিগ বি আৰু তেওঁৰ পৰিয়ালক লগ পাইছিল। ‘জলছা’ৰ দুৱাৰমুখত মমতাৰ সৈতে সমগ্ৰ বচ্চন পৰিয়ালটোৰ এখন ছবিও দেখা গৈছিল। সেই সময়তে গম পোৱা গৈছিল যে মুখ্যমন্ত্ৰীয়ে অমিতাভক সাক্ষাৎ কৰি আগন্তুক চলচ্চিত্ৰ মহোৎসৱলৈ নিমন্ত্ৰণ জনাইছিল। অমিতাভে নিমন্ত্ৰণ গ্ৰহণ কৰিলে। কিন্তু এইবাৰ শাৰীৰিক অসুস্থতাৰ বাবে আহিব পৰা নাই।

ইফালে, শ্বাহৰুখ খান ব্যস্ত হৈ পৰিছে কন্যা সুহানা খানৰ বলীউডত অভিষেক ঘটোৱাৰ কামত। তাৰ বাবেই ‘কিং খান’কো দেখা নাযাব।

এইবাৰ অৱশ্যে সেই ব্যৱধান পূৰণ কৰিবলৈ আহি আছে বলীউডৰ ভাইজান।

AssamAssamese NewsbollywoodDaily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment