উত্তৰ কোৰিয়াৰ চোৰাংচোৱা উপগ্ৰহ উৎক্ষেপণ

উত্তৰ কোৰিয়াই পৰীক্ষামূলকভাৱে মহাকাশলৈ প্ৰেৰণ কৰিলে চোৰাংচোৱা উপগ্ৰহ। জাপান আৰু দক্ষিণ কোৰিয়াই এই তথ্য প্ৰকাশ কৰিছে। উত্তৰ কোৰিয়াই নিষিদ্ধ বেলিষ্টিক মিছাইলেৰে মহাকাশলৈ প্ৰেৰণ কৰিছে চোৰাংচোৱা উপগ্ৰহ জাপান আৰু দক্ষিণ কোৰিয়া সষ্টম হৈ আছে।

দক্ষিণ কোৰিয়াৰ সামৰিক প্ৰধানে মঙলবাৰে সংবাদ মাধ্যমৰ আগত কয় যে উত্তৰ কোৰিয়াই দক্ষিণৰ ফালে ৰকেট নিক্ষেপ কৰিছে। যিটো মহাকাশত চোৰাংচোৱা উপগ্ৰহৰ ঠাইত উৎক্ষেপণ কৰা হয়। উত্তৰ কোৰিয়াৰ চৰকাৰী সংবাদ মাধ্যমেও এই খবৰ স্বীকাৰ কৰিছে। তেওঁলোকে কয়, এই কাম মঙলবাৰে কৰা হৈছিল।

ৰকেট নিক্ষেপ কৰাৰ সময়ত খোদ ৰাষ্ট্ৰপতি কিম জং উন উপস্থিত আছিল।
উত্তৰ কোৰিয়াই এই খবৰ স্বীকাৰ কৰাৰ পিছতে হোয়াইট হাউছে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। এই উপগ্ৰহ উৎক্ষেপণৰ তীব্ৰ বিৰোধিতা কৰিছে আমেৰিকাই। ইয়াৰ পূৰ্বে উত্তৰ কোৰিয়াই জাপানক জনাইছিল যে তেওঁলোকে হালধীয়া সাগৰ আৰু কোৰিয়া সাগৰৰ দিশত সামৰিক উপগ্ৰহ প্ৰেৰণ কৰিব।

১ ডিচেম্বৰৰ ভিতৰত এই উপগ্ৰহ উৎক্ষেপণ কৰা হ’ব বুলি তেওঁলোকে জানিবলৈ দিয়ে। উত্তৰ কোৰিয়াই মে’ আৰু আগষ্ট মাহত দুবাৰকৈ মহাকাশলৈ সামৰিক উপগ্ৰহ প্ৰেৰণৰ চেষ্টা কৰিছিল। কিন্তু দুয়োবাৰেই সফল নহ’ল। অৱশেষত নৱেম্বৰ মাহত তেওঁলোকৰ পৰীক্ষা সফল হ’ল। মে’ আৰু আগষ্ট মাহত টকিঅ’ আৰু ৱাশ্বিংটনে উত্তৰ কোৰিয়াক এনে পৰীক্ষা বন্ধ কৰিবলৈ বাৰে বাৰে কৈছিল।

আৰু যদি কৰে কিম জং উনে আৰু অধিক নিষেধাজ্ঞাৰ সন্মুখীন হ’ব লাগিব।

AssamAssamese NewsDaily time axomIndiaInternational
Comments (0)
Add Comment