Daily Time Axom

লিডুত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

0 38

এফালে উন্নয়নৰ ঢাক ঢোল ৷ আনফালে এতিয়াও বাহৰ দলঙেৰে বিপদসংকূল যাতায়ত ব্যৱস্তা ৷ মাৰ্ঘেৰিটা লিডুৰ টিৰাপ নদীৰ উপৰত আজিওঁ নিৰ্মান নহল এখন পকী দলং ৷

মাৰ্ঘেৰিটা লিডুত আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ সংগঠনটোৰ মূল দাবী লিডু কাম্বা গাওঁ সংযোগী দলং নিৰ্মান ৷ বিভিন্ন সময়ত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে লিডু কাম্বা গাওঁ সংযোগী দলং নিৰ্মান দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি আহিছে যদিও নিমাত বিভাগীয় কৰ্তপক্ষ পক্ষ ৷ আজিওঁ নিৰ্মান নহল লিডু আৰপ কাম্বা গাওঁ সংযোগী দলং ৷ বিধায়ক ভাস্কৰ শৰ্মা ব্যৰ্থতাক সমালোচনা কৰিছে অঞ্চলবাীয়ে ৷ কিয়নো লিডু কাম্বা গাওঁ সংযোগী দলং নিৰ্মানৰ বাবে আশ্বাস প্ৰদান কৰিছিল বিধায়ক ভাস্কৰ শৰ্মাই ৷ বৰ্তমান ভাস্কৰ শৰ্মাই সেই প্ৰতিশ্ৰুতি সম্পূৰ্ন কৰিব নোৱাৰিলে ৷

Leave A Reply

Your email address will not be published.