ইজৰাইলৰ বোমা বিস্ফোৰণত গাজাত একেটা পৰিয়ালৰ ৫২ জন সদস্য নিহত

গাজাত ইজৰাইলৰ বোমা বিস্ফোৰণত একেটা পৰিয়ালৰ ৫২ জন সদস্যই প্ৰাণ হেৰুৱাইছে। বৃহস্পতিবাৰৰ পৰা কাৰ্যকৰী হ’ব পৰা যুদ্ধবিৰতিৰ চুক্তিত উপনীত হোৱাৰ পিছত ইজৰাইলে ঘেৰাও কৰা গাজা ষ্ট্ৰিপত বোমাবৰ্ষণ অব্যাহত ৰাখিছে বুলি পেলেষ্টাইনৰ বৈদেশিক মন্ত্ৰীয়ে জনায়।
বুধবাৰে লণ্ডন ভ্ৰমণ কৰি পেলেষ্টাইনৰ বৈদেশিক মন্ত্ৰী ৰিয়াদ আল মালিকীয়ে কয় যে উত্তৰ গাজাৰ জাবালিয়া শৰণাৰ্থী শিবিৰত এটা পৰিয়ালৰ ৫২ জন সদস্য নিহত হৈছে। তেওঁ কয় যে কেৱল আজি পুৱা জাবালিয়াত কদুৰা পৰিয়ালৰ ৫২ জন সদস্যৰ মৃত্যু হয়। তেওঁ কয়,মোৰ হাতত ৫২ জনৰ তালিকা আছে। দাদাৰ প্ৰজন্মৰ পৰা নাতিলৈকে, সম্পূৰ্ণ শেষ।

AssamDaily time axomIndia
Comments (0)
Add Comment