ঐতিহ্যমণ্ডিত চক্‌চকা চৰকাৰী মজলীয়া বিদ্যালয়ৰ ১২৫ বছৰীয়া জয়ন্তী উপলক্ষে বিশাল সাংস্কৃতিক শোভাযাত্ৰা

ঐতিহাসিক বৃহত্তৰ বৰনগৰ অঞ্চলৰ ঐতিহ্যমণ্ডিত চক্‌চকা চৰকাৰী মজলীয়া বিদ্যালয়ৰ ১২৫ বছৰীয়া জয়ন্তী আজিৰপৰা আৰম্ভ হ’ল,পুৱা ৮ বজাত সমূহীয়া চাফাই,৯ বজাত বিদ্যালয়খনৰ প্ৰধান শিক্ষক খাইৰুল আলমে বিদ্যালয়ৰ পতাকা উত্তোলন কৰে,১২৫ বছৰীয়া জয়ন্তীৰ পতাকাখন উদ্‌যাপন সমিতিৰ সভাপতি তথা সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে উত্তোলন কৰে,সমান্তৰালভাৱে ১২৫ গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা ১২৫ খন পতাকা উত্তোলন কৰে,পুৱা ৯.৩০ বজাত স্মৃতি তৰ্পণ কাৰ্যসূচী,তৰ্পক উদ্‌যাপন সমিতিৰ উপ-সভাপতি মহিবুল হুছেইনে কৰে,৯.৪৫ বজাত প্ৰয়াত শিক্ষক-কৰ্মচাৰীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন,,শ্ৰদ্ধাঞ্জলি জ্ঞাপক ছাত্ৰ-ছাত্ৰী আৰু উদ্‌যাপন সমিতিৰ সদস্য/সদস্যা সকলে কৰে,১০ বজাত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ নাম পঞ্জীয়ন,১০.৩০ বজাত গছপুলি ৰোপণ,মুখ্য ৰোপক ৰূপসী শিক্ষাখণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া প্ৰদ্বীপ কুমাৰ দাস,ৰোপক বিদ্যালয়খনৰ প্ৰাক্তন প্ৰধান শিক্ষক পূৰ্ণানন্দ বড়ো,প্ৰাক্তন সহকাৰী শিক্ষক নিত্যানন্দ পাঠক আৰু প্ৰাক্তন ছাত্ৰ আমান উল্লাহ,তাৰপাছত অসমৰ জনপ্ৰিয় অভিনেত্ৰী তথা ৰাজ্যিক চলচ্চিত্ৰ বঁটা বিজয়ী দৰথী ভৰদ্বাজে সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে ৷

Daily time axomGuwahatiIndiaInternationalNew Delhi
Comments (0)
Add Comment