Daily Time Axom

টিভি বন্ধ কৰাৰ বাবেই পুত্ৰক মোবাইল চাৰ্জাৰেৰে হত্যা পিতৃৰ

0 28

দেওবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতে বিশ্বকাপৰ ফাইনেলত প্ৰতিদ্বন্দিতা কৰাৰ সময়ত সমগ্ৰ দেশতে বিৰাজ কৰিছিল উন্মাদনাই। বিগত প্ৰায় ডেৰ মাহ ধৰি ক্ৰিকেট জ্বৰত আক্ৰান্ত আছিল দেশ।এনে উন্মাদনাত উত্তৰ প্ৰদেশৰ এজন লোক ইমানেই নিমগ্ন হৈ পৰিছিল যে মেচ চলি থকাৰ সময়ত টেলিভিছন বন্ধ কৰি দিয়াৰ বাবেই নিজ পুত্ৰক হত্যা কৰে।উত্তৰ প্ৰদেশৰ কানপুৰত সংঘটিত হৈছে এই ঘটনা। প্ৰকাশিত খবৰ অনুসৰি, গণেশ প্ৰসাদ নামৰ ব্যক্তিগৰাকীয়ে নিজ গৃহত টেলিভিচনৰ সমুখত বহি উপভোগ কৰি আছিল ভাৰত-অষ্ট্ৰেলিয়াৰ ফাইনেল মেচ।তেনে সময়তে তেওঁৰ পুত্ৰ দীপকে খেল চোৱাৰ পূৰ্বে প্ৰথমে ৰাতিৰ আহাৰ ৰান্ধিবলৈ অনুৰোধ কৰে। এই কথাত পিতৃয়ে কোনো সঁহাৰি নজনোৱাত দীপকে টিভিটো বন্ধ কৰি দিলে।ইয়াৰ ফলশ্ৰুতিত দুয়োৰে মাজত তীব্ৰ বাক-বিতণ্ডাৰ সূত্ৰপাত সৃষ্টি হয়। এই কাজিয়া ক্ষণিকৰ ভিতৰতে শাৰীৰিক কাজিয়ালৈ পৰিণত হয় আৰু পুত্ৰৰ ওপৰত জপিয়াই পৰে গণেশ।কাজিয়াৰ মাজতে গণেশে নিজৰ পুত্ৰক মোবাইল চাৰ্জাৰেৰে ডিঙি চেপি হত্যা কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। ঘটনাৰ সময়ত অভিযুক্ত গণেশে মদ্যপান কৰি আছিল বুলি আৰক্ষীয়ে লগতে উল্লেখ কৰে।ইফালে ঘটনা সংঘটিত কৰিয়েই গণেশ প্ৰসাদে সেই স্থানৰ পৰা পলায়ন কৰিছিল যদিও সোমবাৰে কানপুৰ আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে।আনহাতে দীপকৰ মৃতদেহটো ঘৰৰ চিৰিৰ ওচৰত পৰি থকা অৱস্থাত উদ্ধাৰ কৰে এজন আত্মীয়ই আৰু লগে লগে আৰক্ষীক অৱগত কৰে। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।আৰক্ষীয়ে সদৰী কৰা মতে, পিতৃ-পুত্ৰই প্ৰায়ে মদ্যপান কৰি এইদৰে কাজিয়াত লিপ্ত হৈছিল। যোৱা সপ্তাহত এনে এক কাজিয়াৰ সময়ত পুত্ৰ দীপকে প্ৰহাৰ কৰাৰ পাছত ঘৰৰ পৰা ওলাই গৈছিল তেওঁৰ মাতৃ।

Leave A Reply

Your email address will not be published.